অসম

assam

ETV Bharat / bharat

কোৰোণা ভাইৰাছ ৰোধৰ বাবে ভেকচিন প্ৰস্তুতি খৰটকীয়া কৰিছে চীনে

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি নতুন কোৰোণা ভাইৰাছৰ লক্ষণসমূহ হ'ল জ্বৰ,ভাগৰুৱা অনুভৱ কৰা,শুকান কাহৰ লগতে উশাহ লোৱাত কষ্ট পোৱা(Dyspnea) ৷

By

Published : Jan 27, 2020, 4:05 AM IST

Updated : Jan 27, 2020, 7:48 AM IST

কোৰোণা ভাইৰাছৰ লগত যুঁজ দিবলৈ ভেকচিন প্ৰস্তুতি খৰতকীয়া চীনৰ
কোৰোণা ভাইৰাছৰ লগত যুঁজ দিবলৈ ভেকচিন প্ৰস্তুতি খৰতকীয়া চীনৰ

নিউজ ডেস্ক, 27 জানুৱাৰীঃ শেহতীয়াকৈ দেশত ঘাটত ৰূপত দেখা দিয়াকোৰোণা ভাইৰাছে 56 জনকৈ লোকৰ প্ৰাণ কাঢ়ি লৈ যোৱাৰ ফলত ততাতৈয়াকৈ এটা ভেকচিন সাজুকৰাত ব্যস্ত হৈ পৰিছে চীন ৷ তথ্য অনুসৰি, বৰ্তমানলৈ প্ৰায় 2000 লোক এই ভাইৰাছত আক্ৰান্ত হৈছে ৷ শনিবাৰে চীনৰ ৰাষ্ট্ৰপতি চি জিনপিঙে এখন বৈঠকত কোৰোণা ভাইৰাছৰ ক্ষেত্ৰত দেশবাসীক সতৰ্ক কৰে ৷ আনহাতে দেওবাৰে চীনৰ "ৰোগ নিয়ন্ত্ৰণ তথা প্ৰতিৰোধক চেন্টাৰ"ৰ বিজ্ঞানী "খো ৱেনবো"য়ে কয় যে, কোৰোণা ভাইৰাছৰ প্ৰথম অংশক বিচ্ছিন্ন কৰাত বিজ্ঞানীসকল ইতিমধ্যে সফল হৈছে ৷

চীনৰ এখন বৃহৎ চহৰ চাংহাইত পোন প্ৰথমে কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ মানুহৰ মৃত্যু হৈছিল ৷ পৰৱৰ্তী সময়ত এই ভাইৰাছে দেশত আতংকৰ সৃষ্টি কৰে ৷ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগৰ শেহতীয়া তথ্য অনুসৰি,এই পৰ্যন্ত 1975 জন লোক এই ভাইৰাছত আক্ৰান্ত ৷ শনিবাৰলৈ কোৰোণা ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যা15 জনৰ লগতে এই ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 688 জন ৷ ইয়াৰোপৰি, 324গৰাকী ৰোগীৰ অৱস্থা অতি সংকটজনক হোৱাৰ লগতে চিকিৎসকে সদৰি কৰা মতে, 49 জন লোক বৰ্তমান সংকটমুক্ত ৷

হোৱেই চহৰৰ ৰাজধানী উৱাহানত পোন প্ৰথমে কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ 52 জনকৈ লোকৰ মৃত্যু হয় ৷ পৰৱৰ্তী সময়ত কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ ৱেইজিঙৰ নিকটৱৰ্তীহেবেই চহৰত এজন লোক,হেইলোগজিয়াং (উত্তৰ-পূব),হেনান(মধ্য পূব) আৰু শাংঘাইত(পূব) এজনকৈ লোকৰ মৃত্যু ঘটে ৷ ইতিমধ্যে কোৰোণা ভাইৰাছত আক্ৰান্তসকলৰ 23,500 জন সম্পৰ্কীয়ৰো স্বাস্থ্য পৰীক্ষা কৰা হৈছে ৷ ইয়াৰে ভিতৰত 21,500 জন লোকক তত্ত্বাৱধানতৰখা হৈছে ৷ আনহাতে,এই ৰোগ কেৱল চীনতে সীমাবদ্ধ নহয়,চীনৰ বাহিৰত কানাডাটো এজন ব্যক্তি কোৰোণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ চলিচিটৰ জেনেৰেলৰে গুৰুত্বপূৰ্ণ বৈঠক ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমন্বিতে দুই মহাধিবক্তাৰ

কানাডা, চীনৰ উপৰিও হংকং, থাইলেণ্ড, মাকাউ,অষ্ট্ৰেলিয়া,দক্ষিণ কোৰিয়া,টাইৱান,ছিংগাপুৰ,মালয়েছিয়া,নেপাল আৰু ফ্ৰান্সৰ লগতে জাপান আমেৰিকা আৰু ভিয়েটনামটো কোৰোণা ভাইৰাছত বহু লোক আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে ৷ উল্লেখ্য যে,পাকিস্তানত থকা 4 জনকৈ চীনা লোককো কোৰোণা ভাইৰাছৰ পৰীক্ষা কৰাবলৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু বৰ্তমান পৰ্যন্ত দেশখনত কোৰোণা ভাইৰাছৰ উপস্থিতি নিশ্চিত হোৱা নাই বুলি পাকিস্তানৰ স্বাস্থ্য কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি নতুন কোৰোণা ভাইৰাছৰলক্ষণসমূহ হ'ল জ্বৰ,ভাগৰুৱা অনুভৱ কৰা, শুকান কাহৰ লগতে উশাহ লোৱাত কষ্ট পোৱা(Dyspnea)

Last Updated : Jan 27, 2020, 7:48 AM IST

ABOUT THE AUTHOR

...view details