অসম

assam

By

Published : Sep 4, 2019, 5:00 PM IST

ETV Bharat / bharat

অৰুণাচল প্ৰদেশত চীনা সেনাৰ অবৈধ প্ৰৱেশ!

চীনা সেনাই চকলাম গাঁৱৰ মাজেৰে বৈ যোৱা এখন নদীত খৰিৰে এখন সৰু দলং সাজি চীন আৰু অৰুণাচলৰ সীমান্তৰে এইদৰে প্ৰৱেশ কৰে। ঘটনা সন্দৰ্ভত অৰুণাচলৰ পূব সংসদীয় সমষ্টিৰ সাংসদ তাপিৰ গাওৱে মন্তব্য আগবঢ়ায় কয় যে এই সমগ্ৰ ঘটনাৰ বিষয়ে তেওঁক স্থানীয় ৰাইজে অৱগত কৰোৱাত উক্ত ঘটনাৰ উমান পায়।

অৰুণাচল প্ৰদেশত চীনা সেনাৰ অবৈধ প্ৰৱেশ

ইটানগৰ, 4 চেপ্টেম্বৰ: ভাৰত-পাকিস্তান সন্দৰ্ভত দেশত চাঞ্চল্য সৃষ্টি হৈ থকাৰ মাজতে মঙলবাৰে অৰুণাচলৰ লোবাৰ দিবাং বেলী জিলাৰ চকলা গাঁৱত চীন দেশৰ সেনাই অবৈধভাৱে প্ৰৱেশ কৰা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ এলেকাটোত চাঞ্চল্য অব্যাহত আছে । এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি উক্ত স্থানত চীনা সেনাই চকলাম গাঁৱৰ মাজেৰে বৈ যোৱা এখন নদীত খৰিৰে এখন সৰু দলং সাজি চীন আৰু অৰুণাচলৰ সীমান্তৰে প্ৰৱেশ কৰে। ঘটনা সন্দৰ্ভত অৰুণাচলৰ পূব সংসদীয় সমষ্টিৰ সাংসদ তাপিৰ গাওৱে মন্তব্য আগবঢ়ায় কয় যে এই সমগ্ৰ ঘটনাৰ বিষয়ে তেওঁক স্থানীয় ৰাইজে অৱগত কৰোৱাত উক্ত ঘটনাৰ উমান পায়।

অৰুণাচল প্ৰদেশত চীনা সেনাৰ অবৈধ প্ৰৱেশ

স্থানীয় ৰাইজে এই সম্পৰ্কে কেন্দ্ৰ চৰকাৰক অৱগত কৰে আৰু ইয়াৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও চীনা সেনাই কেবাবাৰো অবৈধ প্ৰৱেশ কৰে উক্ত স্থানত।

ABOUT THE AUTHOR

...view details