অসম

assam

ETV Bharat / bharat

ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ আয়োগলৈ নিৰ্বাচিত চীন আৰু ৰাছিয়া

ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ আয়োগত হোৱা নিৰ্বাচনত জয়লাভ কৰিছে চীন, ৰাছিয়া আৰু কিউবাই। আয়োগৰ সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ পৰা ব্যৰ্থ হয় ছৌদি আৰৱ ।

ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ আয়োগ
ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ আয়োগ

By

Published : Oct 14, 2020, 4:36 PM IST

নিউজ ডেস্ক, ১৪ অক্টোবৰ : ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ আয়োগত হোৱা নিৰ্বাচনত জয়লাভ কৰিছে চীন, ৰাছিয়া আৰু কিউবাই । ছোদি আৰৱৰ দৰে দেশে এই নিৰ্বাচনত হাৰৰ সন্মুখীন হয় ।

ৰাছিয়া আৰু কিউবাই বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱাৰ লগতে চীনে ছৌদি আৰৱৰ সৈতে পাঁচটা খণ্ডত নিৰ্বাচন খেলি জয়লাভ কৰে ।

ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ আয়োগ

গোপন বেলট ভোটিঙত ১৯৩ সদস্যৰ ভিতৰত পাকিস্তানে ১৬৯ টা, উজবেকিস্তানে ১৬৪ টা, নেপালে ১৫০ টা, চীনে ১৩৯ টা আৰু ছৌদি আৰৱে ৯০ টা ভোট লাভ কৰে । ২০১৬ ছৌদি আৰৱে ১৫২ টা ভোট লাভ কৰিছিল ।

আঞ্চলিক প্ৰতিনিধিত্ব নিশ্চিত কৰিবলৈ ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ আয়োগৰ আসন সমূহ প্ৰদান কৰা হয় । ৪৭ সদস্যযুক্ত আয়োগৰ ১৫ খন আসনৰ বাহিৰে বাকী সমূহৰ নিৰ্বাচন আগতীয়াকৈ হৈ যায় ।

আফ্ৰিকাৰ বাবে থকা ৪ খন আসনত জয়ী হয় আইভৰি কোষ্ট, মায়াৱী, গাবোন আৰু ছেনেগাল । ইষ্ট ইউৰোপিয়ান আসন দুখনত জয়ী হয় ৰাছিয়া আৰু ইউক্ৰেইন । লেটিন আমেৰিকান আৰু কেৰিবিয়ান আসনত জয়ী হয় মেক্সিকো, কিউবা আৰু বলিভিয়া । ৱেষ্টাৰ্ণ ইউৰোপিয়ান আসনত জয়ী হয় ব্ৰিটেইন আৰু ফ্ৰান্স ।

লগতে পঢ়ক: বিহাৰ নিৰ্বাচন: আজি প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব কংগ্ৰেছে

ABOUT THE AUTHOR

...view details