অলপতে চীনে পিপুলছ লিবাৰেচন আৰ্মিৰ দ্বাৰা এক গ্ৰেণ্ড পেৰেডৰ জৰিয়তে কমিউনিষ্ট শাসনৰ 70 বছৰীয়া বৰ্ষপূৰ্তি উদযাপন কৰে ৷ টিয়ানমেন স্কোৱেৰত শত শত টেংকৰ চালনা আৰু 15000 সৈন্যৰ দ্বাৰা একেলগে কৰা সামৰিক পেৰেডে চীনৰ একেবাৰে শেহতীয়া আৰু উচ্চ ক্ষমতাসম্পন্ন সামৰিক ব্যৱস্থাৰ উমান দিছে ৷ DF- 41 আৰু DF- 17 নামৰ নতুন ক্ষেপনাস্ত্ৰৰ প্ৰদৰ্শনৰ পৰা চীনে হাইপাৰছ'নিক প্ৰযুক্তি ব্যৱহাৰ কৰাটোৱে স্পষ্ট হৈছে ৷ 15000 কিলোমিটাৰ ৰেঞ্জৰ DF- 41 খনে 25 মেক/ঘন্টা গতিত 30 মিনিটৰ ভিতৰত ৱাৰহেডৰ সৈতে মাৰ্কিন যুক্তৰাষ্ট্ৰক আঘাত কৰিব পাৰিব ৷ DF- 17 হৈছে এখন হাইপাৰছ'নিক গ্লাইড বাহন, যিয়ে শব্দতকৈও পাঁচগুণ বেগত উৰিব পাৰে আৰু উৰণ কালতেই যুদ্ধাভ্যাস কৰিব পাৰে ৷ ইয়াক গুলীয়াই ভূ-পতিত কৰিব পৰাটোও প্ৰায় একপ্ৰকাৰ অসম্ভৱ ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ Joint Chiefs of Staffৰ উপাধ্যক্ষ জেন. জন হাইটনেও 2018 চনৰ মাৰ্চত চীনৰ এই ক্ষেপণাস্ত্ৰ ৰোধ কৰিবলৈ তেওঁলোকৰ কোনো প্ৰতিৰোধ নাই বুলি স্বীকাৰ কৰিছিল ৷
অধিক পঢ়কঃ নেশ্বনেল ডে পেৰেডঃ চীনে প্ৰদৰ্শন কৰিলে ডংফেং 41 ক্ষেপণাস্ত্ৰ
সেই প্ৰদৰ্শনীত মানৱবিহীন যানৰ ক্ষেত্ৰত PLAৰ উন্নয়নৰ কথাও গম পোৱা গৈছিল ৷ গংগিজী-11 নামৰ মানৱবিহীন যানখনক ৰাডাৰে ধৰা পেলাব নোৱাৰে আৰু ই শত্ৰুৰ ৰণকৌশলত পাচফালেৰে গোপনে মোক্ষম আঘাত হানিব পাৰে ৷ চীনে DR-8 নামৰ এখন ছুপাৰছ'নিক উচ্চ এল্টিটিউদাৰকনাইছ ক্ষমতাসম্পন্ন ড্ৰ'নো মুকলি কৰে, যাৰ বেগ 4 মেকতকৈও অধিক বুলি গুজৱ ওলাইছে ৷ চীনৰ নৌ-সেনাই HSU- 001 নামৰ এখন পানীৰ তলত চলা মানৱবিহীন যানৰো চালনাৰ শুভাৰম্ভ কৰে, যিয়ে পূব আৰু দক্ষিণ চীন সাগৰত শত্ৰুৰ সাগৰীয় গতি-বিধিক সন্তৰ্পনে নিৰীক্ষণ কৰিব পাৰিব ৷ ইয়াৰ জৰিয়তে চীনৰ পাব্লিক লিবাৰেচন আৰ্মিয়ে 2035 চনৰ ভিতৰত তেওঁলোকৰ সামৰিক আধুনিকীকৰণৰ লক্ষ্যত উপনীত হোৱাৰ দিশত সফলতাৰে গতি কৰি থকাটোৱে প্ৰতীয়মান হয় ৷ অস্ত্ৰৰ হিচাপ বা প্ৰদৰ্শনতেই এক কাৰ্যক্ষম সামৰিক বাহিনীক জুখিব নোৱাৰি ৷ ইয়াৰ মান নিৰ্ণয় কৰাৰ বাবে সেনাবাহিনী এটাৰ যুদ্ধ ক্ষমতা, প্ৰশিক্ষণৰ মানদণ্ড, সেনাৰ নিয়ম, থলুৱা সামৰিক উৎপাদন, সামৰিক-অসামৰিক সমন্বয় ইত্যাদিও নিৰ্ভৰ কৰে ৷ এইবোৰ বিভাগতো শেহতীয়া সময়চোৱাত চীনে যথেষ্ট উন্নত মানদণ্ডৰ পৰিচয় দাঙি ধৰিছে ৷
2015 চনৰ নৱেম্বৰত চীনৰ সেনা বাহিনীত এক বৃহৎ সংস্কাৰমূলক পদক্ষেপ লোৱা হৈছিল ৷ ইয়াৰ আগতে চীনৰ ৰাষ্ট্ৰপতি ঝি ঝিনপিংৰ দ্বাৰা সেনাবাহিনীৰ পৰা 3 লাখকৈ সৈন্য হ্ৰাস কৰাৰ কথা ঘোষণা কৰা হৈছিল ৷ কিছু আভ্যন্তৰীণ বাধাৰ পাচত 2016 চনৰ ফেব্ৰুৱাৰীত সাতটা সামৰিক মণ্ডলক 5 টা দলত পুনৰ্গঠন কৰা হৈছিল ৷ লগতে 4 টা সাধাৰণ বিভাগক কেন্দ্ৰীয় সামৰিক আয়োগৰ দ্বাৰা পোনপটীয়াভাৱে 15 টা কাৰ্যকৰী অংগত ভাগ কৰি দিয়া হৈছিল ৷ এয়া চীনৰ সামৰিক বাহিনীক যুটীয়া অভিযান, আকাশমাৰ্গৰ নিয়ন্ত্ৰণ, চাইবাৰ অভিযান আদিৰ ক্ষেত্ৰত সক্ষম কৰি তোলাৰ আৰম্ভণি পদক্ষেপহে আছিল ৷ অৱশ্যে সামৰিক ক্ষেত্ৰখনত বিশ্বৰ আগশাৰীৰ আধুনিক প্ৰযুক্তিৰ সৈতে মোকাবিলা কৰিবলৈ চীন এতিয়াও বহু পিচপৰি থকাৰ কথা স্বীকাৰ কৰে ৰাষ্ট্ৰপতি ঝীয়ে ৷ ইয়াৰ বাবে বিগত বৰ্ষত PLA প্ৰশিক্ষণৰ বাবে এক নতুন নীতি স্থাপনা কৰি সংযুক্ত আৰু সমসাময়িক প্ৰশিক্ষণ কাৰ্যসূচীৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ৷