অসম

assam

চীনা আগ্ৰাসনে শংকিত কৰিছে ভাৰতকঃ আইনবিদ তাপীৰ গাও

By

Published : Nov 29, 2019, 9:38 PM IST

Updated : Nov 29, 2019, 11:07 PM IST

ভাৰতৰ মাটিত চীনা সেনাৰ আগ্ৰাসনে দেশৰ নিৰাপত্তাৰ ওপৰত তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰে অৰুণাচল প্ৰদেশৰ আইনবিদ তাপীৰ গাওৱে ৷

China aggression is very dangerous to the country: lawmaker Tapir Gao
চীনা আগ্ৰাসনে শংকিত কৰিছে ভাৰতকঃ আইনবিদ তাপীৰ গাও

নতুন দিল্লী, 29 নৱেম্বৰঃ অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত অলপতে কৰা চীনৰ আক্ৰমণে শংকাৰ সৃষ্টি কৰিছে দক্ষিণ ব্লকত ৷ অৰুণাচল প্ৰদেশৰ আইনবিদ তাপীৰ গাওৱে প্ৰকাশ কৰা ভিডিঅ’ ফুটেজ আৰু তথ্যই চীনা সেনাই ভাৰতত প্ৰৱেশ কৰি আক্ৰমণ কৰা ঘটনাক স্পষ্ট ৰূপত দাঙি ধৰে ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰে আইনবিদ তপীৰ গাৱেই ৷

ভাৰতৰ মাটিত চীনা সেনাৰ আগ্ৰাসন

ইটিভি ভাৰতে লাভ কৰা ভিডিঅ’ ফুটেজত চীনা সৈন্য আৰু ভাৰতীয় সৈন্যৰ মাজত সংঘটিত হোৱা সংঘৰ্ষৰ প্ৰমাণ পোৱা গৈছে ৷ কিন্তু এই দৃশ্যাৱলী যোৱা জুন মাহতে আবদ্ধ কৰা হৈছিল যদিও ভাৰত-চীন সীমান্তৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ ঘটনা প্ৰায়েই সংঘটিত হৈ থাকে ৷ ভিডিঅ’ ফুটেজৰ দৃশ্যৰ পৰা গম পোৱা যায় যে চীনা সৈন্যই নিজৰ বেনাৰ সহিতে অৰুণাচল প্ৰদেশৰ এনী জিলাৰ আন্দ্ৰেলাত প্ৰৱেশ কৰিছিল ৷ ভিডিঅ’ ফুটেজত চীনা সেনাই ভাৰতীয় সেনাৰ বিষয়াৰ লগত কথা-বাৰ্তা পতাৰ দৃশ্যও দেখা গৈছে ৷

চীনা আগ্ৰাসনে শংকিত কৰিছে ভাৰতকঃ আইনবিদ তাপীৰ গাও

আনহাতে ভাৰতীয় সেনা বিষয়াই চীনা সেনা বিষয়াৰ লগত ‘শান্তি চুক্তি’ৰ পালন কৰি নিজ দেশলৈ ঘূৰি যাবলৈ অনুৰোধ জনাইছিল ৷ তাপীৰ গাওৱে ইতিমধ্যই অন্যান্য তথ্য সম্বলিত ভিডিঅ’ ফুটেজ প্ৰতিৰক্ষা মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিছে ৷ তেওঁৰ তথ্য অনুসৰি চীনা সেনাই ভাৰতীয় সীমাৰ 12 কিঃমি ভিতৰলৈ প্ৰৱেশ কৰিছিল ৷ তেওঁ তাৰ লগতে উল্লেখ কৰে যে চীনা সৈন্যই প্ৰায়েই ভাৰতীয় সীমাৰ ভিতৰত প্ৰৱেশ কৰিয়েই থাকে ৷ উল্লেখ্য যে 1959 চনত যেতিয়া চীনা সৈন্যই ভাৰতত প্ৰৱেশ কৰিছিল তেতিয়া তংগলা অঞ্চল দখল কৰিছিল ৷ তাৰ পিচত কেইবাবাৰো আক্ৰমণৰ চেষ্টা চলাই ভাৰতৰ ভূমি দখল কৰিছিল ৷ যি বৰ্তমান সেইবোৰ অঞ্চল ভাৰতৰ মানচিত্ৰত নাই সেইবোৰ এতিয়া চীনৰ দখলত ৷

চীনা আগ্ৰাসনে শংকিত কৰিছে ভাৰতকঃ আইনবিদ তপীৰ গাৱো

আনহাতে 2018 চনত চীনা সেনাই বায়ন ৰিচিং গাঁৱত প্ৰৱেশ কৰি ভাৰতীয় সেনাক বন্দী কৰিছিল ৷ তাপীৰ গাওৱে উল্লেখ কৰা অনুসৰি এখন গুগল মানচিত্ৰত লাভ কৰা তথ্যই স্পষ্ট ৰূপত চীনে ভাৰতৰ মাটিত পথ বনাই থকাৰ প্ৰমাণ দাঙি ধৰে ৷ আইন বিশেষজ্ঞজনে কয় যে কেন্দ্ৰীয় চৰকাৰে এই বিষয়টোৰ গুৰুত্ব প্ৰদান কৰাটো উচিত ৷ ইয়ে দেশৰ নিৰাপত্তাৰ ওপৰত তীব্ৰ ভাবুকিৰ সৃষ্টিৰ সম্ভাৱনাও তেওঁ ব্যক্ত কৰে ৷ তেওঁ কয় যে এয়া চীনৰ বিৰুদ্ধে মাত মতাৰ সময় নহ’লে এনেধৰণৰ আক্ৰমণ ভৱিষ্যতেও সংঘটিত হৈ থাকিব বুলিও তেওঁ শংকিত ৷

উল্লেখ্য যে এক চৰকাৰী সমীক্ষাত গম পোৱা গৈছে যে 2016 চনৰ পৰা 2018 চনৰ ভিতৰত চীনে 1025 বাৰ ভাৰতীয় সীমাত অবৈধ প্ৰৱেশকৰিছে ৷ উল্লেখ্য যে ভাৰত-চীন সীমান্ত 3,488 কিঃমি দৈৰ্ঘই আৱৰি আছে ৷ চীনে অৰুণাচল প্ৰদেশক দক্ষিণ তিব্বতৰ অংশ বুলি দাবী কৰি আহিছে যদিও ভাৰতে তাক অস্বীকাৰ কৰি আহিছে ৷

আৰু পঢ়াঃ অসমীয়া ভাষা বাধ্যতামূলক কৰিবলৈ সদনত ৰিপুন বৰাৰ আহ্বান

Last Updated : Nov 29, 2019, 11:07 PM IST

ABOUT THE AUTHOR

...view details