অসম

assam

ETV Bharat / bharat

বিহাৰৰ পিচতেই ঝাৰখণ্ডত এনকেফেলাইটিছৰ আতংকঃ এজনৰ মৃত্য়ু - ঝাৰখণ্ডত এনকেফেলাইটিছৰ আতংক

বিহাৰত দেৰ শতাধিক শিশুৰ মৃত্যুৰ পিচতেই এইবাৰ ঝাৰখণ্ডত আতংকৰ সৃষ্টি কৰিছে জাপানীজ এনকেফেলাইটিছে ৷ ৰাজ্যখনত বৰ্তমানলৈ এটি শিশুৰ মৃত্যু হোৱাৰ লগতে আক্ৰান্ত হৈছে এশৰো অধিক শিশু ৷

জাপানীজ এনকেফেলাইটিছঃ ঝাৰখণ্ডত মৃত্যু এটি শিশু

By

Published : Jul 6, 2019, 4:04 PM IST

নিউজ ডেস্ক, 6 জুলাইঃঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু ঘটিছে এটি শিশুৰ ৷ ৰাঁচীৰ চৰকাৰী স্বাস্থ্যখণ্ডই প্ৰকাশ কৰা তথ্য অনুসৰি লাতেহাৰ নিবাসী এটি শিশুৰ মৃত্যু ঘটাৰ লগতে এশৰো অধিক শিশু এই বেমাৰত আক্ৰান্ত হৈছে ৷

জাপানীজ এনকেফেলাইটিছঃ ঝাৰখণ্ডত মৃত্যু এটি শিশু

যিটো সময়ত বিহাৰত দুশৰো অধিক শিশু জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু ঘটিছিল তেনে সময়তে ঝাৰখণ্ডত দেখা দিয়া বেমাৰৰ লক্ষণ বৰ্তমানে চিন্তাৰ কাৰণ হৈ পৰিছে ৷ ইতিমধ্যে ৰাজ্যখনৰ চৰকাৰী স্বাস্থ্যখণ্ডৰ লগতে বেচৰকাৰী সকলো স্বাস্থ্যকেন্দ্ৰকে এই বিষয়ে সচেতন হৈ থাকিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৰাজ্য চৰকাৰে ৷

ABOUT THE AUTHOR

...view details