নিউজ ডেস্ক, ২০ এপ্ৰিলঃসমগ্ৰ দেশতে চলি থকা লকডাউনৰ সময়ত বহুটো অসুবিধাৰ সন্মুখীন হৈছে দেশবাসীয়ে । বিশেষকৈ শিশুসকলৰ ক্ষেত্ৰত এই সমস্যা অধিক পৰিমানে পৰিলক্ষিত হৈছে । অৱশ্যে সোমবাৰৰ পৰা লকডাউনৰ নীতি-নিয়ম কিছু শিথিল কৰি দিয়া হয় । কিন্তু এতিয়াও দেশৰ বিভিন্ন প্ৰান্তত লকডাউনৰ নিয়মসমূহ ভালদৰে পালন কৰা পৰিলক্ষিত হোৱা নাই । এনে অৱস্থাত জনসাধাৰণে অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি খাদ্য আৰু খোৱাপানীৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে ।
এনে এক ঘটনাই সংঘটিত হয় কৰ্নাটকত । ৰাজ্যখনৰ মিথাবাগিলু গাঁৱত সংঘটিত হয় এই ঘটনা । গাঁৱখনৰ ধনুশ নামৰ নৱম শ্ৰেণীত অধ্যয়নৰত কিশোৰগৰাকীয়ে নিজৰ পিতৃ-মাতৃয়ে বিশুদ্ধ খোৱাপানীৰ বাবে কিদৰে সংগ্ৰাম কৰিবলগীয়া হৈছে তাক প্ৰত্যক্ষ কৰে । এই ঘটনাই কিশোৰগৰাকীৰ মনত গভীৰ সাঁচ বহুৱায় । পিতৃ-মাতৃৰ কষ্ট দেখি কিশোৰগৰাকীয়ে, পুষ্পৰাজ, প্ৰসন্ন, গুৰুৰাজ, শ্ৰেয়াছ আৰু ভৱনীশ নামৰ নিজৰ বন্ধুকেইজনৰ সৈতে লগ-লাগি পিতৃ-মাতৃৰ কষ্ট লাঘৱ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ।