অসম

assam

ETV Bharat / bharat

শিশু দিৱসঃ দেশৰ ইতিহাস আৰু সাম্প্ৰতিক পৰিস্থিতি - মহত্মা গান্ধীৰ উদ্ধৃতি

" আজিৰ শিশু কাইলৈ দেশৰ  ভৱিষ্যত ৷আমি যিধৰণে তেওঁলোকক শিক্ষা দিম, ঠিক তেনেকৈ নিৰ্ণয় হ'ব দেশৰ ভৱিষ্যত  ৷ "

আজি শিশু দিৱস

By

Published : Nov 14, 2019, 12:18 PM IST

Updated : Nov 14, 2019, 3:25 PM IST

নিউজ ডেস্ক, 14 নৱেম্বৰঃ আজি শিশু দিৱস ৷ দেশৰ প্ৰয়াত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ শিশুৰ প্ৰতি থকা ভালপোৱাৰ বাবেই তেওঁৰ জন্মদিনটোক সমগ্ৰ দেশতে শিশু দিৱস হিচাপে পালন কৰি অহা হৈছে ৷

দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী নেহৰুৱে শিশু সন্দৰ্ভত কৈছিল-
" আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত ৷আমি যিধৰণে তেওঁলোকক শিক্ষা দিম, ঠিক তেনেকৈ নিৰ্ণয় হ'ব দেশৰ ভৱিষ্যত ৷ "

জৱাহৰলাল নেহৰু

শিশু দিৱসৰ ইতিহাসঃ

1956 চনৰ পৰাই দেশত পালন কৰা হৈ আহিছে শিশু দিৱস ৷ ৰাষ্ট্ৰসংঘৰ লগত সংগতি ৰাখি 20 নৱেম্বৰৰ দিনটোক শিশু দিৱস হিচাপে পালন কৰা হৈছিল ৷ কিন্তু 1964 চনত প্ৰয়াত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ মৃত্যুৰ পাচতেই তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে তেখেতৰ জন্মদিনটোক শিশু দিৱসৰূপে পালন কৰা হয় ৷ নেহৰু শিশুসকলৰ মাজত যথেষ্ট জনপ্ৰিয় আছিল লগতে " নেহৰু চাচা " নামৰে বিখ্যাত আছিল ৷

ইন্দিৰা গান্ধীৰ সৈতে মহত্মা গান্ধী

জনসংখ্যাঃ

2011 চনৰ লোকপিয়ল অনুসৰি সমগ্ৰ দেশৰ 121 কোটি জনসংখ্যাৰ প্ৰায় 16.45 কোটিয়ে হৈছে শিশু ৷ এওঁলোকৰ বয়স 0-6 বছৰৰ বয়সৰ ভিতৰত ৷ আনহাতে, 37.24 কোটি জনসাধাৰণৰ অধিকাংশৰ বয়স 0-14 বছৰৰ ভিতৰত ৷ শিশুৰ পৰিসংখ্যা শতাংশ হিচাপত মুঠ জনসংখ্যাৰ 13.59% আৰু ইয়াৰে 30.76% শতাংশ 0-14 বছৰৰ বয়সৰ ভিতৰত

শিশু দিৱস

শিশুৰ জীৱনত প্ৰভাৱ পেলাব পৰা কিছুমান কাৰকঃ

স্বাস্থ্যঃ

তথ্য অনুসৰি ভাৰততপ্ৰতিবছৰে 35 শতাংশ শিশু পু্ষ্টিহীনতাত ভোগে, 33 শতাংশৰ ওজন কম, আৰু 2 শতাংশ অত্যাধিক ওজনত ভুগিবলগীয়া হয় ৷ ইয়াৰ উপৰিও ভাৰতত প্ৰতিবছৰে শিশুৰ মৃত্যুৰ সংখ্যা দক্ষিণ এচিয়াৰ দেশৰসমূহৰ ভিতৰত সৰ্বাধিক ৷ বিগত বছৰটোত ভাৰতত সৰ্বাধিক 8 লাখ শিশুৰ মৃত্যু হৈছিল ৷

ভাৰতত শিশু দিৱস

অপৰাধঃ

বিগত তিনিবছৰত ভাৰতত শিশুৰ লগত সংঘটিত অপৰাধমূলক কাৰ্য বৃদ্ধি পাইছে ৷ ভাৰতীয় দণ্ডবিধি আইন আৰু বিশেষ স্থানীয় আইন (SLL) ৰ অধীনত সমগ্ৰ ভাৰতত 2015 চনত 94,172 2016 চনত 1,06, 958 আৰু 2017 চনত 1,29, 032 লৈ বৃদ্ধি পাইছে শিশু সংক্ৰান্তীয় অপৰাধ ৷ 2017 চনত ভাৰতত শিশুৰ সৈতে অপৰাধমূলক কাৰ্য প্ৰতি এক লাখত 28.9 শতাংশ বৃদ্ধি পাইছে ৷ 2016 চনত এই পৰিসংখ্যা আছিল 24 শতাংশ ৷

শিশু দিৱসঃ দেশত ইয়াৰ ইতিহাস আৰু সাম্প্ৰতিক পৰিস্থিতি

অনলাইন আসক্তিঃ

এই বিষয়টো কোনেও অগ্ৰাহ্য কৰিব নোৱাৰে যে, সম্প্ৰতি শিশুৰ জীৱন যথেষ্ট প্ৰতিযোগিতামূলক হৈ উঠিছে ৷ এই প্ৰতিযোগিতাই শিশুসকলক স্বাস্থ্যৰ প্ৰতি সজাগতা বৃদ্ধি কৰাৰ বিপৰীতে তেওঁলোকৰ মাজত মানসিক দ্বন্দ আৰু হতাশাহে বৃদ্ধি কৰিছে ৷ শিশু বিশেষজ্ঞ সকলৰ মতে, শিশুসকলৰ মাজত এনেধৰণৰ মনোভাৱ বৃদ্ধিৰ অন্যতম কাৰণ ইন্টাৰনেট আৰু ভিডিঅ' গেমছৰ ব্যৱহাৰ ৷

শিশু দিৱস
Last Updated : Nov 14, 2019, 3:25 PM IST

ABOUT THE AUTHOR

...view details