অসম

assam

ETV Bharat / bharat

নলাত উঠি যোৱাৰ পৰা কথমপি ৰক্ষা পৰিল এটি কণমানিঃ শিহৰণকাৰী দৃশ্য

ৰাজস্থানৰ যোধপুৰ জিলাত পথৰ কাষত খেলি থকা এটি শিশুক নলাত পৰি যোৱা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় এগৰাকী যুৱকে ৷ সমগ্ৰ দৃশ্য ইতিমধ্যে ইন্টাৰনেটত ভাইৰেল হৈ পৰাৰ লগতে চিচিটিভিত বন্দী হোৱা দৃশ্যাংশ আহি পৰিছে আমাৰ হাতত ৷

শিশুক উদ্ধাৰ যুৱকৰ

By

Published : Sep 30, 2019, 11:36 PM IST

নিউজ ডেস্ক, 30 ছেপ্টেম্বৰঃ ৰাজস্থানৰ যোধপুৰত সংঘটিত হোৱা এক ঘটনাই শেহতীয়াকৈ চৰ্চালৈ আহিছে ৷ পথৰ কাষত খেলি থকা এটি শিশুক উদ্ধাৰৰ দৃশ্যাংশ ভাইৰেল হৈ পৰাত পোহৰলৈ আহিছে সমগ্ৰ ঘটনাটো ৷

দৰাচলতে এগৰাকী যুৱকে পানীত পৰি যাবলৈ লোৱা অৱস্থাতে উদ্ধাৰ কৰিবলৈ সক্ষম হয় এটি কনমানিক ৷ ঘটনাৰ দৃশ্যাংশ চিচিটিভি কেমেৰাত বন্দী হৈ পৰাৰ লগতে ইন্টাৰনেটত ভাইৰেল হৈ পৰে ৷ ৰাজস্থানৰ যোধপুৰ জিলাত পথৰ কাষত খেলি থকা এটি শিশুক নলা পৰি যোৱা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় এগৰাকী যুৱকে ৷ সমগ্ৰ ঘটনা ইতিমধ্যে ইন্টাৰনেটত ভাইৰেল হৈ পৰাৰ লগতে চিচিটিভিত বন্দী হোৱা দৃশ্যাংশ আহি পৰিছে আমাৰ হাতত ৷

শিশুক উদ্ধাৰ যুৱকৰ

আনহাতে এই ঘটনাৰ পিচতে ৰাজস্থানৰ বাট-পথ তথা যাতায়ত ব্যৱস্থাৰ এখন ফোঁপোলা স্বৰূপ পোহৰলৈ আহিছে ৷ জিলা প্ৰশাসনৰ উদ্যোগত চহৰখনৰ বিভিন্ন স্থানত নলা নিৰ্মানৰ কাম চলি আছে যদিও উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এনেকুৱা ঘটনা সংঘটিত হয় ৷

ABOUT THE AUTHOR

...view details