অসম

assam

ETV Bharat / bharat

অন্ত পৰিল চিদাম্বৰমৰ চিবিআইৰ জিম্মাৰ ম্যাদ - পি চিদাম্বৰম

চিবিআইৰ ম্যাদ সমাপ্ত হোৱাৰ পাছত নিম্ম আদালতত হাজিৰ কৰোৱা সম্ভাৱনা পি চিদাম্বৰমক ৷

অন্ত পৰিল চিদাম্বৰমৰ চিবিআইৰ জিম্মাৰ ম্যাদ

By

Published : Aug 30, 2019, 11:41 AM IST

নিউজ ডেস্ক,30 আগষ্ট : INX Media কেলেংকাৰীত অভিযুক্ত দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ শুকুৰবাৰে সমাপ্ত হয় চিবিআইৰ জিম্মাৰ ম্যাদ ৷ চিবিআইৰ ম্যাদ সমাপ্ত হোৱাৰ পাছত পি চিদাম্বৰমক নিম্ম আদালতত হাজিৰ কৰোৱা সম্ভাৱনা ৷ আনহাতে পি চিদাম্বৰমে বৃহস্পতিবাৰে তেওঁক চি বি আইৰ জিম্মাত ৰখাৰ ম্যাদ 2 ছেপ্টেম্বৰলৈ বৃদ্ধি কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন জনায় ৷

অন্ত পৰিল চিদাম্বৰমৰ চিবিআইৰ জিম্মাৰ ম্যাদ

INX Media অবৈধ ধন লেনদেনৰ লগত জড়িত থকাৰ অভিযোগত 21 আগষ্টত নতুন দিল্লীৰ পৰা চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমক ৷ চিদাম্বৰমে দিল্লী উচ্চ ন্যায়ালয়ত অগ্ৰিম জামিনৰ বাবে আবেদন জনাইছিল যদিও দিল্লী উচ্চ ন্যায়ালয়ে এই আবেদন নাকচ কৰে আৰু 22 আগষ্টত পাঁচদিনৰ চিবিআই জিম্মালৈ প্ৰেৰণ ৷ দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই চিদাম্বৰমে উচ্চতম ন্যায়ালয়ত কাষ চাপিছিল ৷ উচ্চতম ন্যায়ালয়ে 5 ছেপ্টেম্বৰত গ্ৰহণ কৰিব চিদাম্বৰমৰ আবেদনৰ শুনানি ৷ আনহাতে 26 আগষ্টত চিবিআই বিশেষ আদালতে পি চিদাম্বৰামক পুনৰ 4 দিনৰ চিবিআইৰ জিম্মাত ৰখাৰ অনুমতিত মঞ্জুৰি দিয়ে ।

ABOUT THE AUTHOR

...view details