অসম

assam

ETV Bharat / bharat

প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ ঠিকনা তিহাৰ জেল - আই এন এক্স মেডিয়া গোচৰত অভিযুক্ত হৈ তিহাৰৰ আলহী হ'ল পি চিদাম্বৰম

আই এন এক্স মেডিয়া গোচৰত অভিযুক্ত হৈ তিহাৰৰ আলহী হ'ল পি চিদাম্বৰম ৷ নিজৰ 74তম জন্মদিনো তিহাৰ জেলত কটাব প্ৰাক্তন বিত্তমন্ত্ৰী গৰাকীয়ে ৷

এতিয়া তিহাৰ জেল প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ ঠিকনা....

By

Published : Sep 6, 2019, 11:52 AM IST

নিউজ ডেক্স, 6 ছেপ্তেম্বৰ: জেষ্ঠ কংগ্ৰেছী নেতা তথা দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমক বৃহস্পতিবাৰে দিল্লীত চি বি আইৰ এক বিশেষ আদালতে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷ তাৰ পাছতেই তিহাৰ জেললৈ লৈ যোৱা হয় প্ৰাক্তন মন্ত্ৰীজনক ৷ বিশেষ ন্যায়ধীশ অজয় কুমাৰ কুহাৰৰ আদালতে তেওঁক 19 ছেপ্তেম্বৰলৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷

উল্লেখযোগ্য যে চিদাম্বৰমে তেওঁক চিবিআইয়ে জিম্মাত লোৱাৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত তাৰ বিৰূদ্ধে আবেদন কৰিছিল আৰু তাৰ পাছতে আদালতত চিদাম্বৰমৰ আবেদন বাতিলৰ বাবে আপীল কৰিছিল চি বি আইয়ে ৷ বিশেষ আদালতত চি বি আইয়ে যুক্তি দৰ্শাই যে চিদাম্বৰম এজন শক্তিশালী ৰাজনীতিবিদ আৰু ৰাজহুৱা ব্যক্তিত্ব তেনেস্থলত তেওঁক জামিনত মুক্তি দিলে গোচৰটোৰ সমগ্ৰ অনুসন্ধান প্ৰক্ৰিয়া বাধাগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে আৰু তাৰ পাছতে বিশেষ আদালতে প্ৰাক্তন বিত্তমন্ত্ৰীজনক পুনৰ জিম্মালৈ প্ৰেৰণ কৰে ৷

আদালতে তেওঁক নিজৰ দৰব-পাতি লগত নিয়াৰ বাবে অনুমতি প্ৰদান কৰাৰ ওপৰিও তেওঁক পৃথক চেলত ৰাখিবৰ বাবে কাৰাগাৰ কতৃৰ্পক্ষক নিৰ্দেশ দিয়ে ৷ নিজৰ 74তম জন্মদিনো তিহাৰ জেলতে কটাব লাগিব পি চিদাম্বৰমে, অৱশ্যে এই ন্যায়িক জিম্মা কালত তেওঁ আদালতত পুনৰ জামিনৰ বাবে আবেদন কৰিব পাৰিব ৷

চিদাম্বৰমৰ বাবে তিহাৰ জেলত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ৷ আদালতত চিদাম্বৰমে কৰা পশ্চিমীয়া অনাময় ব্যৱস্থাৰ বাবে অনুৰোধ বিশেষ আদালতে মঞ্জুৰ কৰিছে ৷ কিন্তু তিহাৰ জেলত থকা সময়চোৱাত প্ৰাক্তন বিত্তমন্ত্ৰী গৰাকীৰ বাবে নাথাকিব কোনো সুকীয়া খাদ্য, জেলৰ আন কয়দীৰ দৰে তেওঁকো সাধাৰণ ৰুটি-ভাজি আৰু দাইল খাবলৈ যোগান ধৰা হ'ব ৷

ABOUT THE AUTHOR

...view details