অসম

assam

ETV Bharat / bharat

ছট্টিশগড়ত ২২ লাখৰ অধিক মূল্য়ৰ হীৰাসহ আটক অবৈধ সৰবৰাহকাৰী

মঙলবাৰে গৰিয়াবন্দ আৰক্ষীয়ে হীৰাৰ চোৰাং সৰবৰাহৰ সৈতে জড়িত এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰে । লগতে তেওঁৰ পৰা জব্দ কৰে প্ৰায় ২২১ টা টুকুৰা ৰুক্ষ হীৰা । ছট্টিশগড়ৰ গৰিয়াবন্দ আৰক্ষীয়ে যোৱা এবছৰত জিলাখনত পাঁচটা গোচৰ ৰুজু কৰাৰ লগতে এতিয়ালৈকে ৭৪.৬০ লাখ টকাৰ ৫৭৩ টুকুৰা ৰুক্ষ হীৰা জব্দ কৰিছে ।

By

Published : Feb 3, 2021, 9:11 PM IST

ছট্টিশগড়ত ২২ লাখৰ অধিক মূল্য়ৰ হীৰাসহ আটক অবৈধ সৰবৰাহকাৰী
ছট্টিশগড়ত ২২ লাখৰ অধিক মূল্য়ৰ হীৰাসহ আটক অবৈধ সৰবৰাহকাৰী

নিউজ ডেস্ক ,৩ জানুৱাৰী:ছট্টিশগড়ৰ গৰীয়াবন্দ জিলাত হীৰা চিণ্ডিকেট চক্ৰৰ সৈতে জড়িত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ৬২ বছৰীয়া লোকজনৰ পৰা আৰক্ষীয়ে ২২ লাখতকৈও অধিক মূল্য়ৰ হীৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে লোকজনৰ পৰা প্ৰায় ২২১ টা টুকুৰা ৰুক্ষ হীৰা জব্দ কৰা হৈছে । লোকজন চুবুৰীয়া মহাচামুন্দ জিলাৰ পিথোৰা অঞ্চলৰ বাসিন্দা অৰবিন্দ প্ৰধান বুলি চিনাক্ত কৰা হৈছে । আৰক্ষীয়ে মঙলবাৰে চুৰা আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত মংৰা গাঁৱৰ ওচৰত আটক কৰে হীৰাৰ চোৰাং সৰবৰাহৰ সৈতে জড়িত এই ব্যক্তি গৰাকীক ।

এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই লোকজনৰ পৰা বিভিন্ন আকাৰৰ হীৰা উদ্ধাৰ কৰাৰ লগতে এখন মটৰ চাইকেলো জব্দ কৰিছে । আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ অহা মতে তেওঁ ৰাজধানী ৰায়পুৰৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ দূৰত অৱস্থিত পায়ালিখণ্ড অঞ্চলৰ পৰা হীৰাবোৰ অবৈধভাৱে আনিছিল আৰু ইয়াক বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল । অভিযুক্ত লোকজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ।

এই ঘটনাৰ লগতে গৰিয়াবন্দ আৰক্ষীয়ে যোৱা এবছৰত জিলাখনত পাঁচটা গোচৰ ৰুজু কৰাৰ লগতে এতিয়ালৈকে ৭৪.৬০ লাখ টকাৰ ৫৭৩ টা ৰুক্ষ হীৰা জব্দ কৰিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । ইফালে জিলা খনৰ আৰক্ষী অধীক্ষকে সৰবৰাহকাৰীজনক আটক কৰা আৰক্ষীৰ দলটোক উৎসাহ দিবলৈ ১০ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰে ।

লগতে পঢ়ক:ক’ভিত প্ৰতিষেধৰ প্ৰদানৰ আঁৰত চাইবাৰ প্ৰবঞ্চক

ABOUT THE AUTHOR

...view details