নিউজ ডেস্ক, 21 ডিচেম্বৰ : একক ব্যৱহৃত প্লাষ্টিক নিৰ্মূলৰ বাবে এটি বিকল্প উপায় অৱলম্বন খুবেই প্ৰয়োজন ৷ ৰায়পুৰৰ অধীশ ঠাকুৰ নামৰ লোকজনে এটি অনন্য ষ্টাৰ্ট আপৰ মাধ্যমেৰে বিকল্প উপায় উলিয়াইছে , যাৰ দ্বাৰা প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰাৰ বাবে প্লাষ্টিক বিৰোধী মিশ্যনৰ জন্ম দিব পাৰি ৷ অধীশ ঠাকুৰে তেওঁৰ ষ্টাৰ্ট-আপৰ জৰিয়তে প্লাষ্টিক বটলৰ পৰা টি-চাৰ্ট প্ৰস্তুত কৰে ৷ এটা টি-চাৰ্ট প্ৰস্তুতৰ বাবে প্ৰায় 8 ৰপৰা 10 বটলৰ প্ৰয়োজন হয় ৷ এই সমূহ টি-চাৰ্টতে পানীৰ বটলৰ পৰা তৈয়াৰী বুলি লিখা আছে ৷
প্লাষ্টিকৰ বটলৰ পৰা টি-চাৰ্ট নিৰ্মাণ কৰিছে ছট্টিশগড়ৰ এজন লোকে
অধীশ ঠাকুৰে তেওঁৰ ষ্টাৰ্ট-আপৰ জৰিয়তে প্লাষ্টিক বটলৰ পৰা টি-চাৰ্ট প্ৰস্তুত কৰে ৷ যাৰ দ্বাৰা প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰাৰ বাবে প্লাষ্টিক বিৰোধী মিশ্যনৰ জন্ম দিব পাৰি ৷
প্লাষ্টিকৰ বটলৰ পৰা টি চাৰ্ট নিৰ্মাণ
এইটো উল্লেখযোগ্য যে, এই টি-চাৰ্টবোৰ আন সাধাৰণ টি-চাৰ্টৰ দৰেই, যিবোৰ বিভিন্ন ধৰণৰ ৰং আৰু আৰ্হিৰে প্ৰস্তুত কৰা হয় ৷ মূলতঃ এই টি-চাৰ্টসমূহ উৎপাদন কৰা হয় চেন্নাই, ইৰোড আৰু তীৰপুৰত ৷ গৱেষণাৰ জৰিয়তে এই উৎপাদনৰ বিষয়ে জ্ঞাত হয় অধীশ ঠাকুৰ আৰু টি-চাৰ্ট উৎপাদনৰ ঠিকা দিয়ে ৷ এই উৎপাদিত টি-চাৰ্টসমূহ ৰায়পুৰ পৌৰ নিগমক প্ৰদশন কৰাত তেওঁলোকে ইয়াৰ উচ্চ প্ৰশংসা কৰে ৷
লগতে পঢ়ক : তিনিচুকীয়াত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদকাৰীক ভাবুকি প্ৰদান