নিউজ ডেস্ক, ২৪ জুলাইঃ চত্তীশগড়ৰ বিলাসপুৰত শুকুৰবাৰে সংঘটিত হয় এটি মৰ্মান্তিক ঘটনা । বিলাসপুৰত শুকুৰবাৰে এখন দ্ৰুতবেগী গাড়ীৰ সন্মুখত জাপ দি আত্মহত্যা কৰে এটি ২২ বছৰীয়া মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱকে । যুৱকজনে আত্মহত্যা কৰাৰ পূৰ্বে অভিভাৱকসহ পৰিয়ালৰ পাঁচজন সদস্যক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।
বৃহস্পতিবাৰে নিশা ৰোশন সূৰ্যবংশী নামৰ যুৱকজনে শুই থকা অৱস্থাতে পিতৃ ৰূপ দাস সূৰ্যবংশী(৪৫) মাতৃ সন্তোষী বাই (৪০)ভগ্নী কামিনী (১৮)ৰ উপৰিও দুজন ভাতৃ ক্ৰমে ৰোহিত (২০) আৰু ঋষি (১৫)ক চোকা অস্ত্ৰৰে হত্যা কৰে বুলি আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশ পায়। আনহাতে,ঘটনা সংঘটিত কৰিয়েই ৰোশন সূৰ্যবংশীয়ে ঘৰৰ পৰা পলায়ন কৰে আৰু শুকুৰবাৰে পুৱাই এখন দ্ৰুতবেগী বাহনৰ সন্মুখত পৰি আত্মহত্যা কৰে ।