অসম

assam

By

Published : Jul 6, 2020, 1:54 PM IST

ETV Bharat / bharat

জিম খোলাৰ অনুমতি বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ ছত্তিশগড়ৰ মুখ্যমন্ত্ৰীৰ

কোভিড-১৯ সংকটৰ বাবে বিগত মাৰ্চ মাহৰ পৰা জিমসমূহ বন্ধ হৈ থকাত জিমৰ মালিকসকলে আৰ্থিক সংকটৰ সম্মুখীন হৈছে। সেয়ে 'SOP'ৰ নিৰ্দেশাৱলী মানি চলি জিম সমূহ খোলাৰ অনুমতি বিচাৰি প্ৰধানমন্ত্ৰী মোডীলৈ পত্ৰ প্ৰেৰণ কৰে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে।

ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী
Chhattisgarh CM requests PM to allow opening of gyms with conditions

নিউজ ডেস্ক, ৬ জুলাইঃছত্তিশগড়ত জিম খোলাৰ অনুমতি বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ। 'SOP' (standard operating procedure)ৰ নিৰ্দেশাৱলী মানি চলি ৰাজ্যখনত জিমসমূহ খোলাৰ অনুমতি বিচাৰি নৰেন্দ্ৰ মোডীলৈ পত্ৰ প্ৰেৰণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

জিম খোলাৰ অনুমতি বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ ছত্তিশগড়ৰ মুখ্যমন্ত্ৰীৰ

কোভিড-১৯ সংকটৰ বাবে বিগত মাৰ্চ মাহৰ পৰা জিমসমূহ বন্ধ হৈ থকাত জিমৰ মালিকসকল আৰ্থিক সংকটৰ সম্মুখীন হৈছে বুলি মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে উল্লেখ কৰে। "ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে যিহেতু দেশৰ অৰ্থব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি 'আনল'ক'ৰ ব্যৱস্থা কৰিছ,সেয়েহে ৰেষ্টুৰেণ্ট,হোটেল আদিৰ দৰে 'SOP'ৰ নিৰ্দেশাৱলী মানি চলি জিম সমূহো খোলাৰ অনুমতি প্ৰদান কৰিব লাগে।" প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰত এই কথা উল্লেখ কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

জিম খোলাৰ অনুমতি বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ ছত্তিশগড়ৰ মুখ্যমন্ত্ৰীৰ

গৃহ মন্ত্ৰণালয়ে জাৰি কৰা 'আনল'ক ২'ৰ নিৰ্দেশাৱলী অনুসৰি ১ জুলাইৰ পৰা পুনৰ মেট্ৰ' ৰেল,চিনেমা হল,জিম,চুইমিং পুল,এণ্টাৰটেইনমেণ্ট পাৰ্ক,থিয়েটাৰ, বাৰ,প্ৰেক্ষাগৃহ,বিধানসভা গৃহ আদি বন্ধ ৰখাৰ বাবে অনুমতি প্ৰদান কৰিছিল।

লগতে চাওকঃ দক্ষিণ কৰিমগঞ্জত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ABOUT THE AUTHOR

...view details