অসম

assam

ETV Bharat / bharat

ছত্তিছগড়ৰ চৰ্চাৰ কাৰণ হৈ পৰিছে দুজন এম্বুলেন্স চালক

ছত্তিছগড়ত এম্বুলেন্স চালকৰ উৎকৃষ্ট নিদৰ্শন ৷ দুৰ্ঘটনাগ্ৰস্ত হোৱা লোকক চিকিৎসা প্ৰদান কৰি চালক দুগৰাকীয়ে দেখুৱাইছে মানৱতাৰ নিদৰ্শন ৷

Chhattisgarh ambulance crew praised for honesty
মানৱতাৰ উৎকৃষ্ট নিদৰ্শন ছত্তিছগড়ৰ এম্বুলেন্স চালকৰ

By

Published : Aug 16, 2020, 9:32 PM IST

Updated : Aug 16, 2020, 9:43 PM IST

নিউজ ডেস্ক, 16 আগষ্ট :দেশত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে দেওবাৰে ছত্তিছগড়ত দুগৰাকী এম্বুলেন্স চালকে দেখুৱাইছে মানৱতাৰ উৎকৃষ্ট নিৰ্দৰ্শন ৷ দুৰ্ঘটনাগ্ৰস্ত ব্যক্তি এগৰাকীক সহায় কৰি বৰ্তমান এম্বুলেন্স চালক দুগৰাকী ৰাজ্যখনৰ বাবে চৰ্চাৰ কাৰণ হৈ পৰিছে ৷

ঘটনাৰ বিৱৰণ অনুসৰি, হীৰা নিষাদ আৰু ধৰ্মেন্দ্ৰ সাহু নামৰ এম্বুলেন্স চালক দুগৰাকীয়ে ধমতৰী জিলাৰ গুজৰা কোচমৰা অঞ্চলত এটা দুৰ্ঘটনাত পতিত হোৱা নৰেন্দ্ৰ শৰ্মা নামৰ ব্যক্তি গৰাকীক চিকিৎসা সেৱা প্ৰদান কৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷

মানৱতাৰ উৎকৃষ্ট নিদৰ্শন ছত্তিছগড়ৰ এম্বুলেন্স চালকৰ

58 বছৰীয়া ব্যক্তি গৰাকীক এম্বুলেন্স চালক দুগৰাকীয়ে ৰাজপথত অচেতন অৱস্থাত পোৱা বুলি জানিবলৈ দিয়ে ৷ আনকি, ব্যক্তি গৰাকীৰ লগত 3 লাখ নগদ ধনৰ লগতে প্ৰয়োজনীয় কিছু সামগ্ৰী উদ্ধাৰ কৰি পৰিয়ালৰ লোকক চমজাই দিয়ে বুলি জানিব পৰা গৈছে ৷

মানৱতাৰ উৎকৃষ্ট নিদৰ্শন ছত্তিছগড়ৰ এম্বুলেন্স চালকৰ

উল্লেখ্য যে, চালক দুগৰাকীয়ে ক'ভিড-19 ত ব্যস্ত থকাৰ বাবে ৰাজপুৰলৈ গৈ আছিল ৷

Last Updated : Aug 16, 2020, 9:43 PM IST

ABOUT THE AUTHOR

...view details