অসম

assam

ETV Bharat / bharat

তামিলনাডুত একেলগে চুলিত ৰং সানিলে 1000 গৰাকী ব্যক্তিয়ে - চুলিত ৰং সানি গীণিজ ৱৰ্ৰ্ল্ড ৰেকৰ্ডছত নাম

চুলিত ৰং সানি অভিলেখ গঢ়াৰ প্ৰয়াস চেন্নাইৰ শতাধিক লোকৰ৷ একেলগে একসময়তে চুলিত ৰং সানি অভিলেখ গঢ়াৰ প্ৰয়াসত লাগিল 1000 লোক৷

চুলিত ৰং সানি গীণিজ ৱৰ্ৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভূক্তৰ প্ৰয়াস চেন্নাইত

By

Published : Aug 16, 2019, 4:59 PM IST

নিউজ ডেস্ক,16 আগষ্ট: বৃহস্পতিবাৰে তামিলনাডুৰ 1000 লোকে একেলগে চুলিত ৰং সানি গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত কৰিবলৈ এক অনন্য প্ৰয়াস চলায়৷ তামিলনাডুৰ চেমবাৰামবাক্কাম অঞ্চলত আয়োজন হয় এই অনুষ্ঠানৰ৷ ৰাজ্য খনৰ বিভিন্ন অঞ্চলৰ লোক এখন ষ্টেডিয়ামত একেলগ হৈ গঢ়ে এই অভিলেখ৷ অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কৰিশ্মা কাপুৰে৷

মানুহৰ এই সমাগমটোত বিশেষভাৱে উপস্থিত থাকে বগা চুলিৰ পুৰুষ সকল আৰু কাউণ্ট ডাউন আৰম্ভ হোৱাৰ লগে লগে সকলোৱে একেলগে আৰম্ভ কৰে চুলিত ৰং সনা৷

অনুষ্ঠানৰ শেষত মানুহৰ সমাগমটোক অভিনন্দন জ্ঞাপন কৰে অভিনেত্ৰী গৰাকীয়ে৷ অভিনেত্ৰী গৰাকীয়ে অংশগ্ৰহণকাৰী সকলক উদ্দেশ্যি কয় যে আপোনালোকলৈ অভিনন্দন, আশা কৰো আপোনালোকৰ এই প্ৰয়াস গীণিজ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভূক্ত হয়৷

ABOUT THE AUTHOR

...view details