নিউজ ডেস্ক, 2 নৱেম্বৰ :বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰায় সাজু হোৱাৰ প্ৰাকমূহুৰ্তত প্লুৰেল দলৰ সমৰ্থিত প্ৰাৰ্থী এ. ৰমেশৱাৰ সিঙ দেওবাৰে সন্ধিয়া এক আক্ৰমণৰ বলি হ'ব লগা হৈছে ৷ সন্দেহজনক লোকে প্ৰাৰ্থী গৰাকীৰ গাত ৰাসায়নিক সামগ্ৰী মৰাৰ ফলত নেতাজন আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে ৷
সংবাদমাধ্যমৰ আগত জনোৱা অনুসৰি, প্ৰচাৰ অভিযানৰ পৰা উভতি অহাৰ সময়ত কোনোবা অজ্ঞাত লোকে তেওঁক আক্ৰমণ কৰে ৷ লগে লগে তেওঁক সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ চিকিৎসকে প্ৰাথমিক চিকিৎসা সমাপ্ত কৰাৰ পিচত চকুৰ কৰ্নিয়া ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব দিয়ে ৷