নিউজ ডেস্ক, ২৮ জুনঃ উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ পাণ্ডৱ নগৰ অঞ্চলত এটা ৰাসায়নিক ফেক্টৰীত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা । বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ । ইতিমধ্যে ঘটনাস্থলীত ১০ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । কিন্তু অগ্নিকাণ্ডৰ ফলত ফেক্তৰীটোৰ লক্ষ্যাধিক টকাৰ ক্ষতিসাধন হয় বুলি জানিব পৰা গৈছে ।
গাজিয়াবাদৰ ৰাসায়নিক ফেক্টৰীত অগ্নিকাণ্ডঃ লক্ষ্যাধিক টকাৰ লোকচান - uttar pradesh
গাজিয়াবাদৰ ৰাসায়নিক ফেক্টৰীত অগ্নিকাণ্ড। বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ। ঘটনাস্থলীত ১০ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ নিৰ্বাপন কৰে জুই।
chemical factory catches fire in ghaziabad, uttar pradesh
ৰাসায়নিক ফেক্টৰীটোৰ পৰা ব্যাপক হাৰত ধোৱা ওলোৱা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে প্ৰথমে ফেক্টৰীৰ কাম-কাজৰ বাবে এনে হোৱা বুলি ভাৱিছিল। ক্ৰমাৎ এই ধোৱা তথা জুই অধিক হোৱাত স্থানীয় লোকে অগ্নিনিৰ্বাপক বাহিনীক খৱৰ দিয়ে।
অগ্ননিৰ্বাপক বাহিনীৰ বিষয়া সুনীল কুমাৰে উল্লেখ কৰা অনুসৰি, ইতিমধ্যে ফেক্টৰীটোৰ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে। এই জুই নিৰ্বাপনৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ বিশেষ দল ঘটনাস্থলীক উপস্থিত হৈছিল। এই অগ্নিকাণ্ডৰ ফলত প্ৰায় বিস্তীর্ণ অঞ্চল ধোৱাময় হৈ পৰিছিল।