নিউজ ডেস্ক, ছেপ্তেম্বৰ 03 :চৌৰিচৌৰা কাণ্ডক প্ৰাক স্বাধীন ভাৰতৰ অন্যতম ঘটনা হিচাপে বিবেচনা কৰা হয় ৷ 1920 চনত মহাত্মা গান্ধীয়ে স্বাধীনতা লাভৰ বাবে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল ৷ বিদেশী সামগ্ৰী বৰ্জনৰ বাবেই এই আন্দোলন আৰম্ভ হৈছিল ৷ সমগ্ৰ দেশতে এই আন্দোলনে প্ৰসাৰতা লাভ কৰিছিল ৷ গোৰখপুৰৰ লোক সকলেও বিদেশী সামগ্ৰীৰ বিৰুদ্ধে এই আন্দোলন আৰম্ভ কৰিছিল ৷
গান্ধীজীৰ অসহযোগ আন্দোলন আৰু চৌৰিচৌৰা কাণ্ড ! - 1922 চনৰ 8 ফেব্ৰুৱাৰী
1920 চনত মহাত্মা গান্ধীয়ে স্বাধীনতা লাভৰ বাবে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল ৷ চৌৰিচৌৰাত এখন সুপৰিচিত কাপোৰৰ বিপনী আছিল ৷ গান্ধীজীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰাৰ পাচতে লোকসকলে বিদেশী সামগ্ৰী বৰ্জন কৰা আৰম্ভ কৰিছিল ৷
![গান্ধীজীৰ অসহযোগ আন্দোলন আৰু চৌৰিচৌৰা কাণ্ড !](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4323251-thumbnail-3x2-x.jpg)
চৌৰিচৌৰাত এখন সুপৰিচিত কাপোৰৰ বিপনী আছিল ৷ গান্ধীজীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰাৰ পাচতে লোকসকলে বিদেশী সামগ্ৰী বৰ্জন কৰা আৰম্ভ কৰিছিল ৷ ইংৰাজৰ পুলিচে বিক্ষোভকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল ৷ যাৰ ফলত লোকসকলে পুলিচৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছিল ৷
1922 চনৰ 8 ফেব্ৰুৱাৰী দিনটো চৌৰিচৌৰা কাণ্ডৰ বাবে ইতিহাসত খোদিত হৈ ৰৈছিল ৷ একাংশ বিক্ষোভকাৰীয়ে এখন আৰক্ষী নিৱেশত অগ্নি সংযোগ কৰে ৷ প্ৰায় 22 গৰাকী আৰক্ষীৰ লোক এই ঘটনাত নিহত হৈছিল ৷ নিহত আৰক্ষীসকলৰ স্মৃতিত এটি স্মৃতিশৌধ নিৰ্মাণ কৰা হৈছিল ৷ এই স্মৃতিশৌধটিয়ে চৌৰিচৌৰা ঘটনাৰ সৈতে জড়িত দেশ প্ৰেমিকসকলৰ কথা আজিও সোঁৱৰাই আছে ৷