বিজাপুৰ, 22 এপ্ৰিলঃ দেওবাৰে বিজাপুৰ আৰক্ষী আৰু গ্ৰেহান্দছ দলৰ যুটীয়া অভিযানত দুজন নক্সাল নিহত হোৱাৰ পাচতে, চত্তীশগড়ত ছয় গৰাকী মহিলা নক্সালৰ সৈতে আত্মসমৰ্পণ কৰিলে মুঠ 15 গৰাকী নক্সালে ৷ তিনিটা ৰাইফলৰ লগতে দেওবাৰে নক্সাল সদস্য কেইগৰাকীয়ে বিজাপুৰৰ আৰক্ষী অধীক্ষক গোৱৰ্ধন ঠাকুৰৰ ওচৰত আত্মসমৰ্পণ কৰে ৷
চত্তীশগড়ত 15 গৰাকী নক্সালৰ আত্মসমৰ্পন - etv bharat
আত্মসমৰ্পনকাৰীসকলৰ মাজত আছিল ছয় গৰাকী মহিলা নক্সাল সদস্য ৷ তিনিটা ৰাইফলসহ নক্সাল কেইগৰাকীয়ে বিজাপুৰ আৰক্ষী অধীক্ষক গোৱৰ্ধন ঠাকুৰৰ ওচৰত আত্মসমৰ্পন কৰে ৷
etv bharat
আৰক্ষী অধীক্ষক গোৱৰ্ধন ঠাকুৰে প্ৰকাশ কৰা অনুসৰি, আত্মসমৰ্পণকাৰী নক্সালসকলৰ ভিতৰত থকা এগৰাকী মহিলা নক্সাল কামাণ্ডাৰৰ শিৰৰ মূল্য 1 লাখ টকা নিৰ্ধাৰণ কৰিছিল চত্তীশগড় চৰকাৰে ৷ এই মহিলা নক্সালগৰাকীৰ নাম চেতনা নাট্য মণ্ডলী ৷ লগতে, আত্মসমৰ্পণকাৰী নক্সালবাদী কেইগৰাকী কেইবাটাও কূটাঘাটমূলক কাৰ্যৰ লগত জড়িত আছিল ৷