মুম্বাই, 3 মে': বিতৰ্কিত ধৰ্ম প্ৰচাৰক জাকিৰ নায়কৰ বিৰুদ্ধে এনফ'ৰ্চমেণ্ট ডাইৰেক্টৰেটে চাৰ্জশ্বীট দাখিল কৰিছে ৷ মুম্বাইৰ বিশেষ আদালতত প্ৰিভেনঞ্চন অ’ফ মানি লণ্ডাৰিং আইনৰ অধীনত জাকিৰৰ বিৰুদ্ধে দাখিল কৰা হৈছে এই চাৰ্জশ্বীট ৷ আনহাতে, বিতৰ্কিত ধৰ্ম প্ৰচাৰকগৰাকীৰ পৰা 50 কোটি টকাৰ অবৈধ সম্পত্তিও জব্দ কৰিছে ইডিয়ে ৷
জাকিৰ নায়কৰ বিৰুদ্ধে ইডিৰ চাৰ্জশ্বীট দাখিল - etv bharat
প্ৰিভেনঞ্চন অ’ফ মানি লণ্ডাৰিং আইনৰ অধীনত জাকিৰৰ বিৰুদ্ধে গোচৰ ৰুজু ইডিৰ

জাকিৰ নায়কৰ বিৰুদ্ধে দ্বিতীয়টো গোচৰ ৰুজু ইডিৰ
2016 বৰ্ষৰ 22 ডিচেম্বৰত জাকিৰৰ লগতে একাধিক ব্যক্তিৰ বিৰুদ্ধে আৰ্থিক অনিয়মৰ অভিযোগ দাখিল কৰিছিল ইডিয়ে ৷ সৰ্বমুঠ 196 কোটি 6 লাখ টকাৰ দুৰ্নিতীৰ লগত জড়িত থকাৰ অভিযোগত জাকিৰ নায়কৰ লগতে আন কেইবাগৰাকীও লোকৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ ৷ এই দুৰ্নীতত ধৰ্ম প্ৰচাৰকগৰাকীক সহায় আগবঢ়োৱাৰ বাবে চলিত বৰ্ষৰ 22 মাৰ্চত আব্দুল কাদিৰ নজমুদিন নামৰ এগৰাকী লোককো গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে ৷
Last Updated : May 3, 2019, 9:26 AM IST