নেশ্যনেল ডেস্ক, 22 আগষ্ট :ভক্তৰ বাবে চাৰধাম তীৰ্থযাত্ৰা পূৰ্বতকৈ সহজ কৰি তুলিবৰ বাবে পবিত্ৰ স্থানসমূহলৈ ৰে'ল পথৰ ব্যৱস্থা কৰা হ'ব বুলি ঘোষণা কৰে কেন্দ্ৰীয় ৰে'লমন্ত্ৰী পীয়ুষ গোয়েলে ৷
এই আঁচনি সম্পৰ্কত এক ভিডিঅ' শ্বেয়াৰ কৰি গোয়েলে জানিবলৈ দিয়ে যে, কেদাৰনাথ, বদ্ৰীনাথ, গংগোত্ৰী আৰু যমুনাত্ৰীলৈ ৰে'ল পথৰ সংযোগ কৰিবলৈ ভাৰতীয় ৰে'লে কাম কৰি আছে ৷
তেওঁ কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ৰে'লে ভক্তসকলৰ বাবে চাৰধাম যাত্ৰা অতি সহজ কৰি তুলিব বিচাৰিছে ৷ তেওঁলোকে ৰে'লৰ জৰিয়তে উত্তৰাখণ্ডৰ পবিত্ৰ উপত্যকাসমূহত থকা গংগোত্ৰী, যমুনাত্ৰী, বদ্ৰীনাথ আৰু কেদাৰনাথলৈ যাত্ৰা কৰিব পাৰিব ৷"
এই আঁচনিৰ অধীনত পাহাৰীয়া অঞ্চলত ৰে'ল লাইন নিৰ্মাণ কৰাৰ লগতে সুৰংগ তৈয়াৰ কৰা হ'ব ৷ এই পথেৰে প্ৰায় 327 কিল'মিটাৰ দৈঘ্যৰ চাৰিটাকৈ ৰে'ল লাইন নিৰ্মাণ কৰা হ'ব আৰু দেহৰাডুন, পাউৰি, তেহৰী গড়ৱাল, চামোলি, ৰুদ্ৰপ্ৰয়াগ আৰু উত্তৰকাশীৰ কাষেৰে পাৰ হৈ যাব ৷