নিউজ ডেস্ক, 5 আগষ্ট :বহু বিতৰ্কিত অনুচ্ছেদ 370 প্ৰত্যাহাৰ কৰাৰ এবছৰ বৰ্ষপূৰ্তিৰ ক্ষণত জম্মু-কাশ্মীৰৰ আইন-শৃংখলাতো দেখা গৈছে ব্যাপক পৰিৱৰ্তন ৷ জম্মু-কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদান কৰা এই অনুচ্ছেদৰ অৱসান ঘটোৱাৰ লগতে জম্মু-কাশ্মীৰক দুভাগত ভাগ কৰি কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰা হৈছিল আজিৰ পৰা এবছৰ পূৰ্বে ৷ এই বিগত এবছৰত জম্মু-কাশ্মীৰত বহুটো পৰিৱৰ্তনৰ ভিতৰত কেতবোৰ বিষয়ৰ এক চমু অৱলোকন....
সন্ত্ৰাসবাদীৰ হাতত নিধন 42 গৰাকী লোক
নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদ নিৰ্মূলত ব্যস্ত থকাৰ সময়তে বিগত এবছৰত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ হাতত প্ৰাণ হেৰুৱাইছে 42গৰাকী লোকে ৷ কেন্দ্ৰীয় চৰকাৰে অঞ্চলটোত শান্তি প্ৰতিষ্ঠাৰ কৰাৰ বিপৰীতে সন্ত্ৰাসবাদীয়ে সাধাৰণ জনতাক লক্ষ্য কৰি লৈ অঞ্চলটোত অশান্তি বিয়পোৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷ সেনাই প্ৰদান কৰা তথ্য অনুসৰি, 2019ৰ আগষ্টৰ পৰা 2020ৰ আগষ্টলৈ সন্ত্ৰাসবাদীয়ে 42 গৰাকী লোকক হত্যা কৰিছে ৷ আনহাতে সন্ত্ৰাসবাদীৰ হাতত আঘাতপ্ৰাপ্ত হৈছে 121 গৰাকী স্থানীয় লোক ৷
অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ পিচতেই শিলাবৰ্ষণত ব্যাপক হ্ৰাস
চৰকাৰে অনুচ্ছেদ 370 প্ৰত্যাহাৰ কৰাৰ পিচতেই জম্মু-কাশ্মীৰত শিলাবৰ্ষণৰ ঘটনাও হ্ৰাস পাইছে ৷ নিৰাপত্তা বাহিনীৰ কঠোৰ নিৰীক্ষণৰ বাবেই শিলাবৰ্ষণৰ দৰে ঘটনা হ্ৰাস পাইছে ৷ বিগত বৰ্ষৰ আগষ্ট মাহলৈকে নিৰাপত্তা বাহিনীয়ে প্ৰদান কৰা তথ্যত সৰ্বমুঠ 264টা শিলাবৰ্ষণৰ ঘটনা সংঘটিত হৈছিল; প্ৰতি তিনিঘন্টাত এটাকৈ শিলাবৰ্ষণৰ ঘটনা সংঘটিত হৈছিল ৷ পৰৱৰ্তী 11 মাহত নিৰাপত্তা বাহিনীয়ে এই ঘটনা ৰোধ কৰিবলৈ ব্যাপক সফলতা লাভ কৰে ৷ 2019ৰ ছেপ্টেম্বৰৰ পৰা 2020ৰ জুলাইলৈ 133 টা শিলাবৰ্ষণৰ ঘটনা সংঘটিত হয় ৷
মুখ্যধাৰাৰ নেতাসকল গৃহবন্দী
জম্মু-কাশ্মীৰৰ মুখ্যধাৰাৰ নেতা, নেশ্বনেল কনফাৰেন্সৰ নেতা ফাৰুক আব্দুল্লা, তেওঁৰ পুত্ৰ ওমৰ আব্দুল্লা আৰু পিপুলছ ডেম্ক্ৰেটিক পাৰ্টীৰ প্ৰধান মেহবুবা মুফটিক অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ পিচৰে পৰাই গৃহবন্দী কৰি ৰখা হৈছে ৷
কাশ্মীৰৰ যুৱ প্ৰজন্মৰ সন্ত্ৰাসবাদত যোগদানৰ সংখ্যা হ্ৰাস
অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ পিচৰে পৰাই জম্মু-কাশ্মীৰৰ যুৱ প্ৰজন্মৰ সন্ত্ৰাসবাদত যোগদানৰ পৰিসংখ্যাও কমি আহিছে ৷ এই সংখ্যা 40 শতাংশলৈ কমি আহিছে ৷ এবছৰ পূৰ্বৰ 105 গৰাকীৰ বিপৰীতে চলিত বৰ্ষৰ 1 জানুৱাৰীৰ পৰা 15 জুলাইলৈ কাশ্মীৰৰ 67গৰাকী যুৱকে সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰিছে ৷ আনহাতে সন্ত্ৰাসবাদজনিত ঘটনাও বিগত বৰ্ষৰ 188ৰ তুলনাত 120টালৈ অৱনমিত হৈছে ৷