অসম

assam

ETV Bharat / bharat

ইতিহাস ৰচি আজি নিশা চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব চন্দ্ৰযান-2 - চন্দ্ৰযান 2

মাজত মাত্ৰ কেইটামান ঘন্টা ৷ ইতিহাস ৰচিবলৈ সাজু ইছৰো ৷ বেংগালুৰুত ইছৰোৰ মুখ্যকাৰ্যালয়ত দেশৰ বিভিন্ন প্ৰান্তৰ 60 গৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগত চন্দ্ৰযানৰ পোনপটীয়া অৱতৰণৰ দৃশ্য প্ৰত্যক্ষ কৰিব প্ৰধান মন্ত্ৰী মোডীয়ে ৷

নিশা চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব চন্দ্ৰযান 2

By

Published : Sep 6, 2019, 10:06 AM IST

Updated : Sep 6, 2019, 2:49 PM IST

নিউজ ডেক্স, 6 ছেপ্তেম্বৰ: ইতিহাস ৰচিবলৈ সাজু হৈছে ভাৰতবৰ্ষ৷ মাজত কেইটামান ঘন্টা তাৰ পাছতে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব চন্দ্ৰযান 2 য়ে ৷ শুকুৰবাৰ আৰু শনিবাৰে নিশা 1 বাজি 30 মিনিটৰ পৰা 2 বাজি 30 মিনিটৰ ভিতৰত চন্দ্ৰ পৃষ্ঠত মৃদু অৱতৰণ কৰিব চন্দ্ৰযান খনে৷ ইতিমধ্যে চন্দ্ৰযান 2ক লৈ চন্দ্ৰ পৃষ্ঠলৈ অগ্ৰসৰ হৈছে "বিক্ৰম লেণ্ডাৰ" ৷

আজি নিশা চন্দ্ৰযান 2য়ে চন্দ্ৰপৃষ্ঠত মৃদু অৱতৰণ কৰাৰ পাচত আমেৰিকা, ৰাছিয়া আৰু চীনৰ পাছত চতুৰ্থখন ৰাষ্ট্ৰ হিচাপে নিজৰ নাম অন্তৰ্ভুক্ত কৰিব ভাৰতবৰ্ষই ৷ উল্লেখযোগ্য চন্দ্ৰৰ দক্ষিণ অংশত অভিযান চলোৱা প্ৰথমখন দেশ হ'ব ভাৰতবৰ্ষ ইয়াৰ আগতে কোনো দেশে চন্দ্ৰৰ "লোণাৰ ছাৰফেচত" অৱতৰণ কৰা নাই ৷

ইফালে আজি বেংগালুৰুৰ ইছৰোৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ দেশৰ বিভিন্ন প্ৰান্তৰ 60 তকৈও অধিক ছাত্ৰ-ছাত্ৰীৰ লগত একেলগে চন্দ্ৰযানৰ অৱতৰণ লাইভ চাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ চন্দ্ৰযান সন্দৰ্ভত ইছৰোয়ে আয়োজন কৰা অনলাইন কুইজৰ দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিজয়ী শিক্ষাৰ্থীক এই সুযোগ প্ৰদান কৰা হৈছে ৷

দেশৰ দ্বিতীয় চন্দ্ৰযান "চন্দ্ৰযান 2"য়ে যোৱা 22 জুলাইত শ্ৰী হৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা চন্দ্ৰলৈ বুলি উৰা মাৰিছিল৷ প্ৰায় 23 দিন পৃথিৱীৰ কক্ষপথত প্ৰদক্ষিণ কৰি 14 আগষ্টত চন্দ্ৰ অভিমুখে নিজৰ যাত্ৰা আৰম্ভ কৰিছিল চন্দ্ৰযানখনে৷

Last Updated : Sep 6, 2019, 2:49 PM IST

ABOUT THE AUTHOR

...view details