নিউজ ডেস্ক, 20 আগষ্টঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই চন্দ্ৰলৈ প্ৰেৰণ কৰা চন্দ্ৰযান দ্বিতীয়ই সফলতাৰে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে ৷ ইছৰোৱে প্ৰকাশ কৰা তথ্য অনুসৰি, চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰাৰ লগতে কিছুদিনৰ ভিতৰতে অৰবিটাৰৰ পৰা পৃথক হৈ পৰিব লেণ্ডাৰ বিক্ৰম ৷ 100 কিলোমিটাৰ X 30 কিলোমিটাৰ কক্ষপথত ঘূৰি চন্দ্ৰযান দ্বিতীয়ৰ পৰা পৃথক হৈ পৰিব লেণ্ডাৰ বিক্ৰম ৷ মঙলবাৰে ভাৰতীয় সময় অনুসৰি, ৰাতিপুৱা 9.02 বজাত চন্দ্ৰযানে লুনাৰ অৰবিট ইনছাৰ্টেশ্বন (Lunar Orbit Insertation) সফলতাৰে সমাপন কৰি কক্ষপথত প্ৰৱেশ কৰে ৷
সমগ্ৰ প্ৰক্ৰিয়াটো 1,738 ছেকেণ্ডত সম্পন্ন কৰি 114 কিলোমিটাৰ X 18,072 কিলোমিটাৰ কক্ষপথত প্ৰৱেশ কৰে চন্দ্ৰযান দ্বিতীয়ই ৷ আনহাতে চন্দ্ৰপৃষ্ঠৰ পৰা 100 কিলোমিটাৰ দুৰত্বৰ লুনাৰ প'লত বহুকেইটা ঘূৰ্ণনৰ পিচতে অহা ছেপ্তেম্বৰ মাহৰ 7 তাৰিখে নিৰ্দিষ্ট লক্ষ্যস্থানত উপনীত হ'ব চন্দ্ৰযান দ্বিতীয় ৷ ইছৰোৱে প্ৰকাশ কৰা অনুসৰি চন্দ্ৰযান দ্বিতীয়ই ইয়াৰ পৰৱৰ্তী কক্ষপথ ঘূৰ্ণন বুধবাৰে দিনৰ 12.30 বজাৰ পৰা 1.30 বজাৰ ভিতৰত সম্পন্ন কৰিব ৷