গুৱহাটী, ২৪আগষ্ট:নাৰী সবলীকৰণ আৰু সামাজিক সংস্কাৰৰ বাবে নিজৰ জীৱন উচৰ্গা কৰা চন্দ্রপ্রভা শইকীয়ানীক 'মহীয়সী নাৰী'ৰ সন্মান দিলে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম BBCয়ে । ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্প'ৰেশ্যনৰ হিন্দী ভাষাত প্ৰচাৰিত 'BBC হিন্দী'ত শেহতীয়াকৈ সম্প্ৰচাৰ কৰা হৈছে স্বাধীনতা সংগ্ৰামী চন্দ্রপ্রভা শইকীয়ানীৰ জীৱন কাহিনীৰ আধাৰত প্ৰস্তুত কৰা এখন আলেখ্য। ভাৰতবৰ্ষৰ ১০ গৰাকী মহীয়সী নাৰীৰ ত্যাগ, কৰ্মৰাজিৰ সুন্দৰ উপস্থাপনেৰে প্ৰস্তুত কৰা হৈছে আলেখ্য। অসমৰ পৰা এই মহীয়সী নাৰীসকলৰ তালিকাত স্থান লাভ কৰিছে চন্দ্রপ্রভা শইকীয়ানীয়ে। অসমৰ সমাজ ব্যৱস্থাৰ পৰা পৰ্দা প্ৰথা আঁতৰাই মহিলাৰ মনত সচেতনতাৰ ভাৱ জগাই তুলি সজাগতা সৃষ্টি কৰিছিল এই গৰাকী সাহসী নাৰীয়ে।
চন্দ্রপ্রভা শইকীয়ানীৰ জীৱন পৰিক্ৰমা বিষয়ক আলেখ্য সম্প্ৰচাৰ BBCত - সামাজিক সংস্কাৰ
চন্দ্রপ্রভা শইকীয়ানীক 'মহীয়সী নাৰী'ৰ সন্মান দিলে BBCয়ে। নাৰী সবলীকৰণ আৰু দেশৰ স্বাধীনতাৰ বাবে কৰা ত্যাগক BBCয়ে আলেখ্যৰ জৰিয়তে সুন্দৰ ৰূপত উপস্থাপন কৰিলে। BBC হিন্দীত ২মিনিট ২১ছেকেণ্ডৰ আলেখ্যত পৰিস্ফুট হ'ল চন্দ্রপ্রভা শইকীয়ানীৰ জীৱন পৰিক্ৰমা।
![চন্দ্রপ্রভা শইকীয়ানীৰ জীৱন পৰিক্ৰমা বিষয়ক আলেখ্য সম্প্ৰচাৰ BBCত চন্দ্রপ্রভা শইকীয়ানীৰ জীৱন পৰিক্ৰমাৰ ওপৰত বি বি চিত আলেখ্য সম্প্ৰচাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8534812-thumbnail-3x2-kk.jpg)
BBCয়ে সম্প্ৰচাৰ কৰা ২মিনিট ২১ছেকেণ্ডৰ আলেখ্যখন আৰম্ভ কৰা হৈছে ১৯২৫ চনত নগাঁৱত অনুষ্ঠিত সাহিত্য সভাত শইকীয়ানীয়ে দিয়া ভাষণৰ পৰা। সভাত পুৰুষৰ পৰা আঁতৰি বাঁহৰ জেওৰাৰ আঁৰত মহিলাসকল বহিছিল । শইকীয়ানীৰ ভাষণত উদ্বুদ্ধ হৈ মহিলাসকলে পৰ্দা প্ৰথাৰ সকলো নিয়ম এৰি সভাত পুৰুষৰ সমানে নিজৰ স্থান গ্ৰহণ কৰিছিল বুলি আলেখ্যখনত দেখুওৱা হৈছে। ইয়াৰ উপৰিও কন্যা শিশুৰ শিক্ষাৰ বাবে ১৩ বছৰ বয়সতে জন্মস্থান বজালীৰ দৈশিঙৰী গাঁৱত বিদ্যালয় স্থাপন কৰিছিল। বিদেশী বস্ত্ৰ বৰ্জনৰ আহ্বানেৰে স্বাধীনতা সংগ্ৰামতো অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। নাৰী সবলীকৰণৰ মহান উদ্দেশ্যেৰে কিৰণময়ী আগৰৱালাৰ নেতৃত্বত তেজপুৰত মহিলা সমিতি গঠন কৰাৰ কথাও উল্লেখ কৰা হৈছে আলেখ্যখনত। অসহযোগ আন্দোলনত অংশগ্ৰহণ, কংগ্ৰেছ কৰ্মী হিচাপে তেওঁৰ কৰ্মৰাজি আৰু পদ্মশ্ৰী সন্মান লাভৰ বিষয়েও আলেখ্যখনত কোৱা হৈছে। আলেখ্যখন গুজৰাটী, মাৰাঠী, পাঞ্জাৱী, তামিল ভাষাতো সম্প্ৰচাৰ কৰা হৈছে ।
লগতে পঢ়ক:কেতিয়া কাৰামুক্ত হ’ব অখিল গগৈ !