নিউজ ডেস্ক, ৯ এপ্ৰিলঃ চিকিৎসকক নিলম্বন কৰা YSRCP চৰকাৰৰ সিদ্ধান্তক গৰিহণা টিডিপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ । COVID-১৯ ৰ বিৰুদ্ধে যুঁজ দিয়া চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মীৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ব্যক্তিগত সুৰক্ষা সৰঞ্জাম (Personal Protection Equipment) অভাৱৰ অভিযোগ দিয়াৰ বাবেই অভিযোগকাৰী চিকিৎসকক নিলম্বনৰ নিৰ্দেশক দিয়ে YSRCP চৰকাৰে ।
নাৰছিপাটনাম হাস্পতালত মাস্ক, গ্লেভছৰ অভাৱৰ অভিযোগ উত্থাপন কৰিছিল চিকিৎসক সুদাকৰে । N-95 মাস্কৰ দাবী উত্থাপন কৰাৰ বাবেই অন্ধ্ৰপ্ৰদেশৰ YSRCP চৰকাৰে চিকিৎসক গৰাকীক নিলম্বনৰ নিৰ্দেশ প্ৰদান কৰে । এই নিৰ্দেশৰ পাচতেই সৰৱ হৈ পৰে প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু ।