নেশ্যনেল ডেস্ক, 17 চেপ্তেম্বৰ: ৰাজস্থানৰ কোটাৰ চম্বল নদীত বুধবাৰে সংঘটিত হোৱা এক ভয়ংকৰ নাও দুৰ্ঘটনাত ইতিমধ্যে 13 জন লোকৰ প্ৰাণ গৈছে ৷ এই পৰ্যন্ত উদ্ধাৰ হৈছে 11 টা মৃতদেহ ৷ ইতিমধ্যে এই ঘটনা সন্দৰ্ভত 5 জন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰূজু কৰা হৈছে ৷
উপ আৰক্ষী অধীক্ষক শুভকৰণ পুলীৰ মতে, অভিযুক্ত কেইজন ক্ৰমে,মহেন্দ্ৰ,হেমৰাজ,মিনা শ্বেৰগাড়,বিনোদ ৰামকুমাৰ ৷ এইকেইগৰাকীৰ বিৰুদ্ধে অবৈধভাৱে নাওঁ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷