অসম

assam

ETV Bharat / bharat

সম্ৰাজনগৰঃ যিখন জিলাত এগৰাকীও লোক আক্ৰান্ত হোৱা নাই কৰ'ণা ভাইৰাছত - কৰ'ণা মুক্ত জিলা

কেইবাটাও COVID-19 হটস্পটৰ মাজত থাকিও কৰ্ণাটকৰ সম্ৰাজনগৰ জিলাই নিজস্ব গভীৰ আৰু দূৰদৰ্শী নীতিৰে এই মহামাৰীক প্ৰত্যাহ্বান জনালে ৷ সমগ্ৰ প্ৰক্ৰিয়াটোত গাঁওবাসী আৰু গাঁৱৰ মুখিয়াল সকলৰ সংক্ৰিয় অংশগ্ৰহণৰ বাবেই জিলাখনত আজি পৰ্যন্ত এগৰাকীও লোক আক্ৰান্ত নহ'ল কৰ'ণা ভাইৰাছত ৷

Chamarajanagar is the only district with no COVID-19 cases since pandemic began
যিখন জিলাত এগৰাকীও লোক আক্ৰান্ত হোৱা নাই কৰ'ণা ভাইৰাছত

By

Published : Jun 3, 2020, 7:21 AM IST

Updated : Jun 3, 2020, 7:42 AM IST

নেশ্যনেল ডেক্স, 3 জুনঃ বিশ্ব মহামাৰী কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত কেৰালাই দেখুওৱা বিশেষ পাৰদৰ্শিতাৰ কথা বিশ্বজুৰি চৰ্চিত হৈছে ৷ কিন্তু এই সময়তে বিশ্বই কৰ্ণাটকৰ এখন বিশেষ জিলাৰ বিষয়ে অৱগত হোৱাটো অতি প্ৰয়োজনীয় হিচাপে বিবেচিত হৈছে ৷ চৰ্চালৈ অহা কৰ্ণাটকৰ এই বিশেষ জিলাখন হৈছে সম্ৰাজনগৰ ৷ যি সয়মত সমগ্ৰ ভাৰতবৰ্ষতে কৰ'ণা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰিছে সেই সময়তেই সম্ৰাজনগৰ জিলাখন কৰ'ণামুক্ত জিলা হিচাপে বিবেচিত হৈছে ৷ নিজস্ব দূৰদৰ্শী আৰু গভীৰ কণ্টাইনমেণ্ট নীতিৰ বাবেই এইপযন্ত এটাও কোভিড-19 পজিটিভ কেছ ওলোৱা নাই জিলাখনত ৷

কৰ'ণা ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত হটস্পট হিচাপে বিবেচিত হোৱা তামিলনাডু, কেৰালা আৰু কৰ্ণাটকৰ কেইবাটাও অঞ্চলে চাৰিওফালে আৱৰি থকাৰ পাছতো এই পৰ্যন্ত কৰ'ণা মুক্ত জিলা হিচাপে বিবেচিত হৈছে সম্ৰাজনগৰ ৷ ডিউ-ডমন আৰু লক্ষ্যদ্বীপৰ পাছতেই সম্ৰাজনগৰ ভাৰতবৰ্ষৰ কৰ'ণা মুক্ত অঞ্চল হিচাপে বিবেচিত হৈছে ৷

চুবুৰীয়া ৰাজ্য কেৰালাত প্ৰথমটো কৰ'ণা ভাইৰাছত আক্ৰান্তৰ ঘটনা পোহৰলৈ অহাৰ লগে-লগেই সম্ৰাজনগৰ জিলা প্ৰাশসনে ইয়াৰ সীমা ছিল কৰি দিয়াৰ লগতে বিভিন্ন প্ৰতিৰোধমূলক ব্যৱস্থা গঢ়ি তুলিছিল ৷ গাঁওবাসীৰ লগতে গাঁৱৰ মুখিয়াল সকলেও জিলাপ্ৰশাসনে বান্ধি দিয়া নীতি-নিৰ্দেশনা কঠোৰ ভাৱে বলবৎ কৰাৰ লগতে নিজাববীয়াকৈও গ্ৰহণ কৰিছিল কিছু পদক্ষেপ ৷

লগতে পঢ়কঃ স্খলিত মানৱতা আৰু এজনী গৰ্ভাৱতী হাতীৰ অপমৃত্যু !

অপ্ৰয়োজনীয় সমাগম ৰোধৰ বাবে শকত পৰিমাণৰ জৰিমণাৰ ব্যৱস্থা কৰাৰ লগতে চুবুৰীয়া ৰাজ্যৰ পৰা কৃষিজাত সমগ্ৰী আমদানিৰ ক্ষেত্ৰটো পানী নসৰকা ব্যৱস্থা প্ৰয়োগ কৰিছিল জিলা প্ৰশাসনে ৷ গাঁওবাসীয়ে সঘনে নিজ-নিজ অঞ্চলত পেট্ৰলিঙৰ ব্যৱস্থা কৰি সন্দেহজনক অনুপ্ৰৱেশৰ বিষয়ে স্থানীয় আৰক্ষীক অৱগত কৰিছিল ৷

যিখন জিলাত এগৰাকীও লোক আক্ৰান্ত হোৱা নাই কৰ'ণা ভাইৰাছত

প্ৰৱজিত লোক সকলৰ ক্ষেত্ৰটো পৃথকে-পৃথকে ব্যধ্যতামূলক কোৱাৱেণ্টাইনৰ ব্যৱস্থা কৰা হৈছিল ৷ কেৰালা মডেলক অনুসৰণ কৰি জিলাখনত কোভিড-19ৰ পৰীক্ষাৰ ব্যৱস্থা বৃদ্ধি কৰা হৈছিল ৷ এইক্ষেত্ৰত আশাকৰ্মীসকলে প্ৰত্যাহ্বান গ্ৰহণ কৰি ঘৰে-ঘৰে গৈ লক্ষণথকা লোক সকলৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱাস্থা কৰিছিল ৷

এই সকলোবোৰৰ উপৰিও, ঔষধৰ হোম ডেলিভাৰী, গাঁওবাসী আৰু জনজাতীয় লোকসকলৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী পৰ্যাপ্ত পৰিমাণে মজুত ৰখাটো নিশ্চিত কৰি এই জৰুৰীকালীন অৱস্থাৰে প্ৰত্যাহ্বান জনাইছিল জিলা প্ৰশাসনে ৷

Last Updated : Jun 3, 2020, 7:42 AM IST

ABOUT THE AUTHOR

...view details