অসম

assam

ETV Bharat / bharat

আৰৱীয় অঞ্চলত ভাৰতবৰ্ষৰ প্ৰত্যাহ্বান - আৰৱীয় অঞ্চলত ভাৰতবৰ্ষৰ প্ৰত্ব্যাহ্বান

ভাৰতৰ জি ডি পিত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যই ৪০ শতাংশ অৱদান আগবঢ়ায় । ভাৰতে ঘোষণা কৰামতে ২০২৫ চনৰ ভিতৰত পাঁচ ত্ৰিলিয়নৰ অৰ্থনীতি হোৱাত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । গতিকে দ্বিপাক্ষিক আৰু আঞ্চলিক কূটনীতিৰে আৰৱীয় অঞ্চলত অশান্তি দূৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিলেহে ভাৰতে এই লক্ষ্যত উপনীত হোৱাৰ বাবে সহায় লাভ কৰিব ।

আৰৱীয় অঞ্চলত ভাৰতবৰ্ষৰ প্ৰত্ব্যাহ্বান
আৰৱীয় অঞ্চলত ভাৰতবৰ্ষৰ প্ৰত্ব্যাহ্বান

By

Published : Jan 9, 2020, 11:22 AM IST

Updated : Jan 9, 2020, 11:44 AM IST

২০২০ চনৰ ৩ জানুৱাৰীত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ নিৰ্দেশত এয়াৰ ষ্ট্ৰাইকৰ জৰিয়তে কুডছ্ ফ’ৰ্চ অৱ ইৰাণছ ৰিভলুশ্যনাৰী গাৰ্ডছৰ জেনেৰেল কাছিম চলেমানীৰ হত্যা আৰু ৮ জানুৱাৰীত ইৰাকস্থিত আমেৰিকাৰ সামৰিক ঘাটিত ইৰাণৰ মিছাইল আক্ৰমণে আৰৱীয় দেশসমূহত ভাৰতে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ বিষয়টো আলোচনাৰ মাজলৈ আনিছে । এই অঞ্চলত সংযমৰ জৰিয়তে শান্তি,স্থিৰতা আৰু নিৰাপত্তাৰ হকে ভাৰতবৰ্ষই মতপোষণ কৰিছে । আৰৱীয় বা মধ্য প্ৰাচ্যৰ দেশসমূহৰ সৈতে ভাৰতবৰ্ষৰ বহু স্বাৰ্থ জড়িত হৈ আছে। এই অঞ্চলত বিৰাজ কৰা অস্থিৰতাই যাতে ভাৰতবৰ্ষৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক স্বাৰ্থক বিঘ্নিত কৰিব নোৱাৰে তাৰ বাবে ভাৰতৰ বৈদেশিক নীতি সচেষ্ট হ’ব লাগিব। আৰৱীয় অঞ্চলত বিৰাজ কৰা ৰাজনৈতিক অস্থিৰতাৰ ফলত এই অঞ্চলত থকা ভাৰতবৰ্ষৰ বৃহত্তম সম্পদৰ ওপৰত প্ৰভাৱ পেলাইছে । সেয়া হ’ল-গালফ্ অঞ্চলত কৰ্মৰত ৮ মিলিয়ন ভাৰতীয় পাছপৰ্টৰ গৰাকী। তেওঁলোকে প্ৰতি বছৰে প্ৰায় ৪০ বিলিয়ন ডলাৰ ভাৰতবৰ্ষৰ অৰ্থনীতিলৈ অৱদান আগবঢ়ায়। ভাৰতৰ বাবে ডাঙৰ প্ৰত্যাহ্বানটো হ’ল হঠাতে ভাৰতীয় শ্ৰমিকসকলৰ একেবাৰতে অধিক হাৰত প্ৰত্যাৱৰ্তন প্ৰতিহত কৰা। এই কথাটো ক’বলৈ সহজ যদিও কৰিবলৈ কঠিন । কিয়নো ইয়াৰ সৈতে জড়িত লোকৰ সংখ্যা বহুত আৰুএই দেশসমূহত কৰ্মৰত অধিকাংশ ভাৰতীয় নাগৰিককে ভাৰত চৰকাৰে প্ৰেৰণ কৰা নাই । ২০১৫ চনত য়েমেনত পাঁচ হাজাৰ জন ভাৰতীয় আৰু ২০১১ চনত লিবিয়াত ওঠৰ হাজাৰ ভাৰতীয় নাগৰিকক উদ্ধাৰৰ কাহিনীয়ে এই প্ৰত্যাহ্বানক স্পষ্ট কৰে। গোলকীয় আৰু আঞ্চলিক শক্তিৰ সৈতে লগ লাগি আৰৱীয় অঞ্চলত সুস্থিৰতা নিশ্চিত কৰাটো ভাৰতৰ মূল উদ্দেশ্য হ’ব লাগে যাতে আমাৰ দেশৰ নাগৰিকসকল সেই দেশসমূহৰ অৰ্থনীতিত নিৰাপদভাৱে জড়িত হৈ থাকিব পাৰে ।

গাল্ফ অঞ্চলত দুটা গুৰুত্বপূৰ্ণ সাগৰীয় পথ মুকলি কৰি ৰখাটো ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ

ভাৰতৰ বাবে দ্বিতীয়টো গুৰুতৰ প্ৰত্যাহ্বান হ’ল যে ভাৰতত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ ৬০ শতাংশ আমদানিয়েই আৰৱীয় দেশসমূহৰ পৰা হয়। ২০১৮ চনত ইয়াৰ মূল্য আছিল প্ৰায় ১১২ বিলিয়ন ডলাৰ । খাৰুৱা তেলৰ ক্ষেত্ৰত বৰ্তমান ভাৰতবৰ্ষ পৃথিৱীৰ তৃতীয় বৃহৎ ক্ৰেতা । আমেৰিকাই ইৰাণৰ ওপৰত একপক্ষীয়ভাৱে নিষেধাজ্ঞা জাৰি কৰাৰ পাছত ভাৰতবৰ্ষই ইৰাণৰ খাৰুৱা তেল আমদানিৰ পৰিমাণ হ্ৰাস কৰিলেও বৰ্তমান দেশখনত অব্যাহত থকা অস্থিৰ পৰিস্থিতিয়ে ভাৰতৰ খাৰুৱা তেলৰ খৰচত ব্যাপক নেতিবাচক প্ৰভাৱ পেলাইছে । ইয়াৰ ফলত ভাৰতৰ ঘৰুৱা অৰ্থনীতিৰ পেট্ৰ’লিয়ামৰ সৈতে জড়িত উদ্যোগসমূহ প্ৰভাৱান্বিত হয়। বাস্তৱসন্মত দামত প্ৰয়োজনীয় শক্তি যোগান ধৰাটো ভাৰতৰ ইন্ধন কূটনীতিৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান ।

ভাৰতবৰ্ষৰ বাবে তৃতীয়টো স্বাৰ্থজড়িত বিষয় হৈছে গাল্ফ অঞ্চলত দুটা গুৰুত্বপূৰ্ণ সাগৰীয় পথ মুকলি কৰি ৰখা। এই সাগৰীয় পথ হৰমূজ আৰু পাৰ্ছীয়ান উপসাগৰ,ইৰাণ আৰু আৰৱীয় পেনিনছুলা,বাব-আল-মাণ্ডাৱ, য়েমেন, হৰ্ণ অৱ্ আফিকা,লোহিত সাগৰ ভাৰতীয় মহাসাগৰক সংযোগ কৰে । ২০১৫ চনৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘Security and Growth for All in the Region (SAGAR) Indian Ocean’নীতিৰ বিষয়ে উল্লেখ কৰিছিল য’ত সাগৰীয় পথৰ নিৰাপত্তাত প্ৰধান গুৰুত্ব দিয়া হয়। পৰৱৰ্তী সময়ত ২০১৯ চনৰ নৱেম্বৰত ভাৰতীয় মহাসাগৰ অঞ্চলত সাগৰীয় পথত থকা ভাবুকিসমূহ চিনাক্তকৰণ আৰু নাইকিয়া কৰিবলৈ ভাৰতৰ গুৰুগ্ৰামত এক তথ্য কেন্দ্ৰ স্থাপন কৰা হয়।

২০১৯ চনৰ জুন মাহত ভাৰতবৰ্ষই দুখন নৌসেনাৰ জাহাজ নিয়োজিত কৰে মধ্য প্ৰাচ্যত

পাৰ্ছিয়ান উপসাগৰত ভাৰতৰ বাণিজ্যিক যাতায়ত সুৰক্ষিত কৰিবলৈ ২০১৯ চনৰ জুন মাহত ভাৰতবৰ্ষই দুখন নৌসেনাৰ জাহাজ নিয়োজিত কৰে। এই অঞ্চলত অস্থিৰতা বৃদ্ধি পোৱাৰ সময়ত সকলো ৰাষ্ট্ৰৰ মাজত পাৰস্পৰিক সহযোগিতা,বুজাবুজি আৰু তথ্যৰ আদান-প্ৰদানৰ জৰিয়তেহে সাগৰীয় পথসমূহক সুৰক্ষিত কৰা যাব। বৰ্তমানৰ সংকট মষিমূৰ কৰিবলৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অক্ষমতাৰ ফলত ভাৰতে আঞ্চলিক পদক্ষেপসমূহ প্ৰতি গুৰুত্ব দিব লাগিব। তাৰ বাবে বিশেষকৈ পাৰস্পৰিক নিৰাপত্তা,অৰ্থনৈতিক আৰু শক্তিৰ স্বাৰ্থ জড়িত থকা আৰৱীয় অঞ্চলৰ দেশসমূহক একত্ৰিত কৰি অঞ্চলটোত ৰাজনৈতিক সুস্থিৰতাৰ হকে পদক্ষেপ গ্ৰহণ কৰিব লাগিব।

আৰৱীয় বা মধ্য প্ৰাচ্যৰ দেশসমূহৰ সৈতে ভাৰতবৰ্ষৰ বহু স্বাৰ্থ জড়িত হৈ আছে

ভাৰতৰ এক ফলপ্ৰসূ বৈদেশিক নীতিৰ মূল উদ্দেশ্য হৈছে যে মধ্য প্ৰাচ্যৰ অস্থিৰতাই যাতে ভাৰতবৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত প্ৰভাৱ পেলাব নোৱাৰে। এই অঞ্চলত চৌদি আৰৱ ভাৰতবৰ্ষৰ বৃহত্তম বাণিজ্যিক অংশীদাৰ,দুয়োখন দেশৰ মাজত ২০১৮ চনত প্ৰায় ৬০ বিলিয়ন ডলাৰ দ্বিপাক্ষিক ব্যৱসায় হৈছিল। বাব-আল-মাণ্ডাৱৰ সাগৰীয় পথেৰে ভাৰতৰ অধিকাংশ বাণিজ্যিক সা-সামগ্ৰী দেশখনৰ বৃহত্তম বাণিজ্যিক অংশীদাৰ ইউৰোপিয়ান ইউনিয়নৰ লগতে পশ্চিমীয়া দেশসমূহলৈ প্ৰেৰণ কৰা হয়। ভাৰত-ইউৰোপিয়ান ইউনিয়নৰ ২০১৮ চনত ব্যৱসায়ৰ পৰিমাণ আছিল ১০২ বিলিয়ন ডলাৰ। বাবা-আল-মাণ্ডাৱৰ জৰিয়তে দুই প্ৰধান ফাইবাৰ-অপটিকছ্ কেবলে ডিজিটেল ভাৰতক ইউৰোপৰ লগত সংযোগ কৰাৰ লগতে গোলকীয় ইলেকট্ৰনিক বাণিজ্যত ভাৰতবৰ্ষৰ ক্ৰমবৰ্দ্ধমান ভূমিকাৰ প্ৰতি অৱদান যোগাই আন্তঃগাঠনি যোগান ধৰে ।

ভাৰতৰ জি ডি পিত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যই ৪০ শতাংশ অৱদান আগবঢ়ায় । ভাৰতে ঘোষণা কৰামতে ২০২৫ চনৰ ভিতৰত পাঁচ ত্ৰিলিয়নৰ অৰ্থনীতি হোৱাত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । গতিকে দ্বিপাক্ষিক আৰু আঞ্চলিক কূটনীতিৰে আৰৱীয় অঞ্চলত অশান্তি দূৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিলেহে ভাৰতে এই লক্ষ্যত উপনীত হোৱাৰ বাবে সহায় লাভ কৰিব ।

অশোক মুখাৰ্জী, ৰাষ্ট্ৰসংঘত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰদূত

Last Updated : Jan 9, 2020, 11:44 AM IST

ABOUT THE AUTHOR

...view details