নিউজ ডেস্ক, ১৩ জুনঃ মধ্য প্ৰদেশ চৰকাৰে শুকুৰবাৰৰ পৰা সমগ্ৰ ৰাজ্যতে বৃদ্ধি কৰে পেট্ৰ'ল-ডিজেল মূল্য । মহামাৰী COVID-19ৰ পৰা সংকটৰ সময়ছোৱাত সজাগতা তথা প্ৰতিৰোধৰ বাবে শুকুৰবাৰৰ পৰা ১ টকাকৈ বৃদ্ধি কৰে পেট্ৰ'ল-ডিজেল মূল্য ।
বাণিজ্যিক কৰ বিভাগৰ এক আদেশৰ ভিত্তিতে মধ্য প্ৰদেশত ১৩ জুন অৰ্থাৎ শনিবাৰৰ পৰা ১ টকাকৈ বৃদ্ধি হ'ব পেট্ৰ'ল-ডিজেলৰ মূল্য ।
মধ্য প্ৰদেশত ১ টকাকৈ বৃদ্ধি পেট্ৰ'ল-ডিজেল মূল্য আনহাতে, মধ্য প্ৰদেশত পেট্ৰ'লত ৩.৫০ টকা আৰু ডিজেলত ২ টকাকৈ অতিৰিক্ত কৰ বৃদ্ধি কৰা হৈছে । যাৰ ফলত ৰাজ্যখনত প্ৰতিলিটাৰ পেট্ৰ'লত ৪.৫০ টকা আৰু ডিজেলত ৩ টকা বৃদ্ধি হয় ।
উল্লেখ্য যে, এই অতিৰিক্ত কৰ বৃদ্ধিৰ পৰা বছৰে পেট্ৰ'ল বিক্ৰীৰ পৰা ২০০ কোটি টকা আৰু ডিজেল বিক্ৰীৰ পৰা ৩৭০ কোটি টকা মধ্য প্ৰদেশ চৰকাৰে লাভ কৰিব বুলি অনুমান কৰা হৈছে ।