অসম

assam

ETV Bharat / bharat

প্ৰধানমন্ত্ৰী সাহায্য পুঁজিৰ নামত বহু কেইটা ভুৱা একাউন্ট ! - পাঞ্জাৱ নেশ্যনেল বেংক

চি ই আৰ টি-ইনে প্ৰকাশ কৰিছে কেইটামান ভুৱা বেংক একাউন্ট ৷ যি কেইটাৰ দ্বাৰা প্ৰধানমন্ত্ৰী সাহায্য পুঁজিৰ নামত ধন সংগ্ৰহ কৰা হৈছে ৷ একাউন্ট কেইটা হৈছে pmcares@pnb, pmcares@hdfcbank, pmcare@yesbank, pmcare@ybl, pmcare@upi, pmcare@sbi আৰু pmcare@icici ৷

fake UPI IDs seeking donations towards PM-CARES Fund
fake UPI IDs seeking donations towards PM-CARES Fund

By

Published : Apr 3, 2020, 8:12 PM IST

নিউজ ডেস্ক, 3 এপ্ৰিল : দেশবাসীক ভুৱা একাউন্টৰ পৰা সতৰ্ক হ'বলৈ আহ্বান জনাইছে চাইবাৰ চিকিউৰিটি ৱাট্চডগ চি ই আৰ টি-ইনেপ্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিৰ নামত ধন হৰলুকিৰ বাবে খোলা হৈছে কিছুমান ভুৱা একাউন্ট ৷ সেয়ে সকলোকে আৰ্থিক সাহায্য প্ৰদানৰ পূৰ্বে একাউন্টৰ বৈধতা নিশ্চিত কৰি প্ৰকৃত একাউন্টত ধন জমা কৰিবলৈ আহ্বান জনাইছে চি ই আৰ টি-ইনে ৷

ইউ পি আইৰ দ্বাৰা চালিত এই আই ডি সমূহ ভাৰতীয় বিভিন্ন বেংক যেনে পাঞ্জাৱ নেশ্যনেল বেংক, এইছ ডি এফ চি বেংক, এছ বি আই, আই চি আই চি আই বেংক, ইয়েছ বেংক আদিৰ পৰা কিছুমান দুষ্টচক্ৰই একাউণ্টসমূহ খোলা বুলি প্ৰকাশ কৰা হৈছে ৷

লগতে পঢ়ক :লক ডাউন উলংঘা কৰাৰ বাবেই পিতৃৰ বিৰুদ্ধে গোচৰ ৰুজু পুত্ৰৰ

চি ই আৰ টি-ইনে এনেধৰণৰ কেইবাটাও ভুৱা ইউ পি আই একাউন্টৰ তথ্য লাভ কৰিছে, প্ৰধানমন্ত্ৰী সাহায্য পুঁজিৰ বাবে ব্যৱহাৰ কৰা একাউণ্টৰ সৈতে এই ভুৱা আই ডিৰ মিল আছে বুলি জানিবলৈ দিছে চি ই আৰ টি-ইনে ৷

একাউন্ট কেইটা হৈছে pmcares@pnb, pmcares@hdfcbank, pmcare@yesbank, pmcare@ybl, pmcare@upi, pmcare@sbi আৰু pmcare@icici ৷

লগতে পঢ়ক :মুছলমানক ঘৰতেই নামাজ পঢ়িবলৈ আহ্বান আৰ্শ্বাদ মাদানীৰ

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী সাহায্য পুঁজিৰ প্ৰকৃত আই ডি হৈছে"pmcares@sbi"আৰু পঞ্জীয়নকৃত একাউন্টৰ নাম পি এম কেয়াৰচ ৷ চি ই আৰ টি-ইনে জনসাধাৰণক সাহায্য আগবঢ়োৱাৰ পূৰ্বে ইউ পি আই আই ডিটো ভালকৈ নিৰীক্ষণ কৰিবলৈ অনুৰোধ জনাইছে ৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ঘোষণা কৰা অনুসৰি, 28 মাৰ্চত কৰ'ণা আতংকৰ সময়ত ঘোষিত লক্ ডাউনত উপায়হীনসকলক সাহায্য প্ৰদানৰ দৰে জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে এই পুঁজি গঠন কৰা হৈছে ৷

লগতে পঢ়ক :কৰ'ণা ভাইৰাছৰ প্ৰতিষেধক নিৰ্মাণৰ প্ৰচেষ্টা ভাৰত বায়'টেকৰ

ABOUT THE AUTHOR

...view details