নিউজ ডেস্ক, 16 আগষ্ট : কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া (মাৰ্ক্সবাদী)ৰ সাধাৰণ সম্পাদক তথা দেশৰ জ্যেষ্ঠ বামপন্থী নেতা সীতাৰাম য়েছুৰীয়ে কেন্দ্ৰীয় চৰকাৰক দেওবাৰে ক্ষুৰধাৰ সমালোচনাৰে থকা-সৰকা কৰি পেলায় ৷ জ্যেষ্ঠ বামপন্থী নেতাগৰাকীয়ে আত্মনিৰ্ভৰ ভাৰতৰ পৰিৱৰ্তে এয়া কেন্দ্ৰীয় চৰকাৰৰ পূঁজিপতিৰ ওচৰত আত্মসমৰ্পনহে বুলি উল্লেখ কৰে ৷কেন্দ্ৰীয় চৰকাৰে যিদহে ৰাইজৰ সম্পদ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ ব্যক্তিগত তথা পূঁজিপতি খণ্ডৰ হাতত বিক্ৰী কৰিব লৈছে তালৈ লক্ষ্য কৰিলে এয়া আত্মনিৰ্ভৰ কম চৰকাৰৰ আত্মসমৰ্পন বেছি ৷
মহাৰাষ্ট্ৰত দলীয় কৰ্মীক সম্বোধন কৰি দিয়া এক ৱেৱকাষ্টত এই কথা উল্লেখ কৰে জ্যেষ্ঠ বামপন্থী নেতাগৰাকীয়ে ৷ কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা খণ্ডকে ধৰি ৰে'লৱেকো ব্যক্তিগত খণ্ডৰ হাতত বিক্ৰী কৰিবলৈ লৈছে যিটো দেশৰ বাবে একেবাৰে ভাল নহয় ৷ তেওঁৰ মতে নতুন ভাৰতৰ চিন্তাই দেশৰ ধৰ্মনিৰপেক্ষাৰ এনাজৰীডাল সলনি কৰাতহে অধিক গুৰুত্ব প্ৰদান কৰা হৈছে ৷