নিউজ ডেস্ক, ১ জুনঃ কেন্দ্ৰীয় চৰকাৰে ন্যায়ালয়ত বিচাৰাধীন গোচৰৰ ম্যাদ হ্ৰাস কৰাৰ লগতে খালী পদসমূহ পূৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । কেন্দ্ৰীয় চৰকাৰৰ এজন শীৰ্ষ বিষয়াই উল্লেখ কৰে এই কথা ।
ন্যায়াধীশসকলৰ সুবিধাৰ্থে নতুন এপ' মুকলি কৰিব চৰকাৰে - subordinate judiciary
ন্যায়ালয়ত তথ্য যোগাযোগ প্ৰযুক্তি ব্যৱহাৰত গুৰুত্ব দিব চৰকাৰে ।

Centre working to reduce pendency in cases & vacancies in subordinate judiciary: Law Min official
কেন্দ্ৰীয় আইন মন্ত্ৰণালয়ৰ যুটীয়া সচিব জি আৰ ৰাঘবেন্দ্ৰই চৰকাৰ ন্যায়াধীশসকলৰ সুবিধাৰ্থে এটা নতুন এপ' মুকলি কৰাৰ কথা উল্লেখ কৰে । ৰাঘবেন্দ্ৰই উল্লেখ কৰা অনুসৰি এই এপ'ৰ জৰিয়তে ন্যায়াধীশসকলে তেঁওলোকৰ পূৰ্বৰে পৰা ন্যায়ালয়ত বিচাৰাধীন হৈ থকা গোচৰৰ বিষয়ে তথ্য লাভ কৰিব পাৰিব । ইয়াৰ উপৰি চৰকাৰে দেশৰ ন্যায় ব্যৱস্থা অধিক সুদৃঢ় কৰাৰ বাবে ন্যায়ালয়ত তথ্য যোগাযোগ প্ৰযুক্তি ব্যৱহাৰত গুৰুত্ব দিয়াৰ কথাও যুটীয়া সচিবগৰাকীয়ে উল্লেখ কৰে ।