অসম

assam

ETV Bharat / bharat

এন.আৰ.চিৰ চূড়ান্ত প্ৰকাশত সৰ্বতোপ্ৰকাৰৰ সহায় কৰিবলৈ সাজু কেন্দ্ৰীয় চৰকাৰঃ সোণোৱাল - final NRC publication

অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন.আৰ.চি)ৰ চূড়ান্ত প্ৰকাশৰ প্ৰাকমুহূৰ্তত নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেৰে বৈঠক মুখ্যমন্ত্ৰীৰ ৷ ৰাজ্যৰ আইন-শৃংখলা ৰক্ষাত সৰ্বতোপ্ৰকাৰৰ সহায় কৰিবলৈ সাজু কেন্দ্ৰীয় চৰকাৰ ৷ সোমবাৰে অমিত শ্বাহৰ সৈতে হোৱা বৈঠকৰ পিছত সোণোৱালে এই কথা প্ৰকাশ কৰে ৷

Centre to provide all possible assistance ahead of final NRC publication

By

Published : Aug 20, 2019, 11:58 AM IST

নিউজ ডেস্ক, 20 আগষ্টঃঅসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন.আৰ.চি)ৰ চূড়ান্ত প্ৰকাশৰ বাবে মাজত মাত্ৰ 12 দিন বাকী৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যৰ আইন শৃংখলা বজাই ৰাখিবলৈ সৰ্বাত্মক আশ্বাস প্ৰদান কৰিছে ৷ সোমবাৰে অমিত শ্বাহৰ সৈতে হোৱা বৈঠকৰ পিছত সোণোৱালে এই কথা প্ৰকাশ কৰে ৷ লগতে তেওঁ কয়, 31 আগষ্টত প্ৰকাশ পাবলগীয়া এন.আৰ.চিৰ চূড়ান্ত প্ৰকাশৰ পৰিপ্ৰেক্ষিতত সন্মুখীন হ’বলগীয়া ভয়ংকৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ সকলো সহায়ৰ বাবে সাজু৷ লগতে পশ্চিমবংগকে ধৰি আন চুবুৰীয়া ৰাজ্যৰ পৰা কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী মোতায়েন কৰাৰ কথা ঘোষণা কৰে৷

লগতে মুখ্যমন্ত্ৰী সোণোৱালে কয় যে, এন.আৰ.চি চূড়ান্ত প্ৰকাশৰ বাবে অসমৰ ৰাইজে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি আশাবাদী৷ এন.আৰ.চি চূড়ান্ত প্ৰকাশক লৈ যদি কাৰোবাৰ সন্দেহ উত্থাপিত হয় তেন্তে আমি ৰাইজৰ হকে কাম কৰিবলৈ সাজু বুলিও মন্তব্য কৰে৷ এন.আৰ.চিৰ চূড়ান্ত প্ৰকাশৰ পিছৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ অসমৰ চৰকাৰৰ সচিব সমূহৰ এখন কমিটি গঠনৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে এখন সূচী প্ৰস্তুত কৰে৷

ABOUT THE AUTHOR

...view details