নেশ্যনেল ডেস্ক, 11 ডিচেম্বৰ : ৰাজ্যসভাত কেব উত্থাপন হোৱাৰ লগতে অসমত সৃষ্টি হোৱা অশান্ত পৰিস্থিতিক লৈ শংকিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ ৷ সেয়েহে অধিক সৈন্য বাহিনী নিয়োগৰ বাবে গৃহ মন্ত্ৰণালয়ে জম্মু-কাশ্মীৰত নিয়োজিত সেনা অসমলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ জম্মু-কাশ্মীৰৰ সাম্প্ৰতিক পৰিস্থিতি পূৰ্বতকৈ উন্নত হোৱাৰ পৰিপেক্ষিতত অসমলৈ স্থানান্তৰ কৰা হৈছে বৃহৎ সংখ্যক সেনা বাহিনীক ৷
এক নিউজ এজেন্সীয়ে প্ৰদান কৰা তথ্য অনুসৰি, 20 টাকৈ চিআৰপিএফ জোৱানৰ দল অসমলৈ নিয়োজিত কৰা হৈছে ৷ এখন বিশেষ ট্ৰেইনৰ জৰিয়তে এই বৃহৎ সংখ্যক জোৱানক অসমলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে ৷