অসম

assam

By

Published : Apr 1, 2020, 3:07 PM IST

ETV Bharat / bharat

কৰ'ণা ভাইৰাচৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰৰ বিশেষ সমিতি গঠন

কোভিড-19 ৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বিজ্ঞান-প্ৰযুক্তি সৱলীকৰণৰ ক্ষেত্ৰত এখন সমিতি গঠন কৰিছে । কোভিড- 19 আক্ৰান্তৰ সংখ্যা ভাৰতত দ্ৰুত গতিত বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ ৰাখি এই সমিতি গঠন কৰা হৈছে ।

কৰ'ণা ভাইৰাচৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰৰ বিশেষ সমিতি গঠন
কৰ'ণা ভাইৰাচৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰৰ বিশেষ সমিতি গঠন

নিউজ ডেস্ক, 1 এপ্ৰিলঃভাৰতত দৈনিক দ্ৰুত গতিত বৃদ্ধি পাইছে কোভিড-19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা । ইয়াৰ প্ৰতি লক্ষ ৰাখিয়েই কেন্দ্ৰই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা সৱলীকৰণৰ বাবে এখন সমিতি গঠন কৰিছে ।

এই সমিতিৰ মুৰব্বী হৈছে নীতি আয়োগৰ সদস্য বিনোদ প'ল আৰু বৈজ্ঞানিক উপদেষ্টা কে বিজয় ৰঘুৱন । কোভিড-19 ৰ ক্ষেত্ৰত প্ৰয়োগ কৰিবলগীয়া ড্ৰাগ্চ সম্পৰ্কে তাৎক্ষণিক সিদ্ধান্ত ল'ব পাৰিব এই সমিতিয়ে ।

ইপিনে বিজ্ঞান আৰু উদ্যোগিক গৱেষণা কউঞ্চিলে কোভিড-19 ৰোধৰ বাবে পাচস্তৰীয় ৰণ-নীতি প্ৰস্তুত কৰাত ব্য়স্ত আছে । তেওঁলোকে ডিজিটেল প্ৰক্ৰিয়া আৰু আনবিক পদ্ধতিৰে গৱেষণাত ব্য়স্ত আছে । ব্যয়সাধ্য, ক্ষীপ্ৰতাৰে কাম কৰিব পৰা ড্ৰাগচ ৰ প্ৰস্তুত, হস্পিতালত প্ৰয়োজন হোৱা সামগ্ৰী প্ৰস্তুত ইত্যাদি সৃষ্টিৰ কামত তেওঁলোক জৰিত হৈ আছে ।

ইপিনে কেন্দ্ৰীয় স্বস্থ্য মন্ত্ৰী হৰ্ষবৰ্দ্ধনেও কৰ'ণা ভাইৰাচৰ প্ৰতিশেধক সম্পৰ্কে বিভিন্ন জনৰ লগত আলোচনাত মিলিত হৈছে ।

ABOUT THE AUTHOR

...view details