অসম

assam

ETV Bharat / bharat

কেন্দ্ৰই ৰাজ্য সমূহলৈ মুকলি কৰিলে 36,400 কোটি টকাৰ GSTৰ ক্ষতিপূৰণ - অৰ্থনীতি ব্য়াপক ৰূপত ক্ষতিগ্ৰস্ত

কৰ'ণা ভাইৰাছ সংক্ৰমণৰ বাবে সমগ্ৰ দেশতে জাৰি কৰা লক ডাউনৰ ফলত সকলো ৰাজ্যৰে অৰ্থনীতি ব্য়াপক ৰূপত ক্ষতিগ্ৰস্ত হৈছে । সেয়ে তাৰ কিছু অংশ পূৰাবলৈ কেন্দ্ৰই ৰাজ্য়সমূহৰ বাবে মুকলি কৰি দিছে 36,400 কোটি ।

কেন্দ্ৰই ৰাজ্য সমূহলৈ মুকলি কৰিলে 36,400 কোটি টকাৰ GSTৰ ক্ষতিপূৰণ
কেন্দ্ৰই ৰাজ্য সমূহলৈ মুকলি কৰিলে 36,400 কোটি টকাৰ GSTৰ ক্ষতিপূৰণ

By

Published : Jun 4, 2020, 9:16 PM IST

নিউজ ডেস্ক, 4 জুনঃ বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে GSTৰ ক্ষতিপূৰণ হিচাপে দেশৰ সমূহ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চললৈ GSTৰ ক্ষতিপূৰণ হিচাপে মুকলি কৰি দিছে 36,400 কোটি টকা । কৰ'ণা ভাইৰাছ সংক্ৰমণৰ বাবে সমগ্ৰ দেশতে জাৰি কৰা লক ডাউনৰ ফলত সকলো ৰাজ্যৰে অৰ্থনীতি ব্য়াপক ৰূপত ক্ষতিগ্ৰস্ত হৈছে । 2019 চনৰ ডিচেম্বৰৰ পৰা 2020 চনৰ ফ্ৰেব্ৰুৱাৰীৰ ভিতৰত GSTৰ ৰূপত সংগ্ৰহ কৰা ধনৰ ৰাজ্যৰ অংশটো মুকলি কৰি দিয়ে কেন্দ্ৰই । কেন্দ্ৰীয় চৰকাৰে এক বিবৃতি যোগে প্ৰকাশ কৰে এই কথা ।

কেন্দ্ৰীয় চৰকাৰে বিবৃতিটোত কয় যে,ৰাজ্য চৰকাৰৰ অৰ্থনৈতিক দিশটোৰ প্ৰতি লক্ষ ৰখাটো প্ৰয়োজনীয়। কিয়নো COVID-19 সংকটৰ ফলত সৃষ্টি হোৱা অৰ্থনৈতিক জটিলতাই ৰাজ্যৰ সম্পদৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব।

উল্লেখ্য যে,কেন্দ্ৰই GST ৰ ক্ষতিপূৰণ হিচাপে ৰাজ্যসমূগহলৈ ইতিমধ্যে 2019ৰ এপ্ৰিলৰ পৰা নৱেম্বৰৰ ভিতৰৰ সমচোৱাৰৰ 1,15,096 কোটি টকা মুকলি কৰি দিছে ।

ABOUT THE AUTHOR

...view details