নেশ্যনেল ডেস্ক, 19 জানুৱাৰী:কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে দেশৰ কৃষকসকলে বিগত বছৰৰ নৱেম্বৰ মাহৰ পৰা দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ তাৰ পাচতে প্ৰতিবাদ ৰোধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কৃষক সকলৰ সৈতে কেইবা খনো বৈঠকত মিলিত হয় ৷ কিন্তু কোনো এখন বৈঠকতে কৃষি আইন প্ৰণয়নৰ ক্ষেত্ৰত এক স্থায়ী সিদ্ধান্ত ল'ব পৰা নাই ৷ মঙলবাৰে অৰ্থাৎ 19 জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰে প্রতিবাদকাৰী কৃষক প্ৰতিনিধিসকলৰ সৈতে দশম পৰ্যায়ৰ এখন বৈঠকত মিলিত হোৱাৰ কথা আছিল যদিও পুনৰ বৈঠকখন 20 জানুৱাৰীলৈ স্থগিত ৰাখিছে ৷ কৃষি মন্ত্ৰানালয়ে এক বিবৃতি যোগে কয় যে, পূৰ্বে 19 জানুৱাৰী মঙলবাৰে নিৰ্ধাৰণ কৰা দশম পৰ্যায়ৰ বৈঠক খন 20 জানুৱাৰী বুধবাৰে বিয়লি ২ বজাত ভিজ্ঞন ভৱনত অনুষ্ঠিত হ'ব ৷
উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰ আৰু কৃষক ইউনিয়নৰ মাজত 15 জানুৱাৰীত নৱম পৰ্যায়ৰ এখন বৈঠকত মিলিত হৈছিল যদিও কোনো সিদ্ধান্ত নোলোৱাত কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টমাৰৰ সৈতে পুনৰ এখন বৈঠকত মিলিত হ'ব দেশৰ কৃষক সকল ৷ পুৰ্বৰ বৈঠকত কেন্দ্ৰীয় কৃষি মন্ত্ৰী গৰাকীয়ে কৃষক ইউনিয়নসমূহক তেওঁলোকৰ দাবীসম্পৰ্কে তেওঁলোকৰ মাজত অনানুষ্ঠানিক গোট গঠন কৰি চৰকাৰৰ সন্মুখত খচৰা দাখিল কৰিবলৈ কৈছিল ৷ দিল্লীৰ হাঁড় কপোৱা ঠাণ্ডাত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা কৃষক সকলক উদ্দেশ্যি মন্ত্ৰী গৰাকীয়ে বাৰাম্বাৰ আলোচনাৰ জৰিয়তে এক স্থায়ী সমাধানত উপনীত হ'বলৈ কৃষক সকল আহ্বান কৰি আহিছে ৷