অসম

assam

By

Published : Jun 22, 2020, 1:07 PM IST

ETV Bharat / bharat

জগন্নাথ ৰথ যাত্ৰাৰ আয়োজনৰ বাবে উচ্চতম ন্য়ায়ালয়ত আবেদন কেন্দ্ৰৰ

23 জুনত অনুষ্ঠিত হোৱাৰ কথা আছিল পুৰীৰ ঐতিহাসিক জগন্নাথ ৰথ যাত্ৰা ৷ জগন্নাথ ৰথ যাত্ৰাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ লক্ষাধিক ভক্তই অংশগ্ৰহণ কৰে ৷

Centre moves SC, seeks nod for Puri Rath Yatra without public participation
জগন্নাথ ৰথ যাত্ৰাৰ আয়োজনৰ বাবে উচ্চতম ন্য়ায়ালয়ত আবেদন কেন্দ্ৰৰ

নতুন দিল্লী, 22 জুন: ঐতিহাসিক জগন্নাথ ৰথ যাত্ৰাৰ আয়োজনৰ অনুমতি বিচাৰি উচ্চতম ন্য়ায়ালয়ত দ্বাৰস্থ হৈছে কেন্দ্ৰীয় চৰকাৰ ৷ কোভিড 19 মহামাৰীৰ সংক্ৰমণৰ বাবে চলিত বৰ্ষত ঐতিহাসিক জগন্নাথ ৰথ যাত্ৰাৰ আয়োজন বাতিল কৰিবলৈ এপেক্স কৰ্টে নিৰ্দেশ দিছিল ৷ এপেক্স কৰ্টৰ এই নিদেৰ্শৰ বিৰুদ্ধে উচ্চতম ন্য়ায়ালয়ত দ্বাৰস্থ হয় কেন্দ্ৰ ৷

জগন্নাথ ৰথ যাত্ৰাৰ আয়োজনৰ বাবে উচ্চতম ন্য়ায়ালয়ত আবেদন কেন্দ্ৰৰ

কেন্দ্ৰই কোভিড 19 মহামাৰীৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষত জনসমাগমৰ অবিহনে জগন্নাথ ৰথ যাত্ৰাৰ আয়োজনৰ অনুমতি প্ৰদানৰ আহ্বান জনায় উচ্চতম ন্য়ায়ালয়ত ৷ কেন্দ্ৰই কয় যে,পৰম্পৰা অনুসৰি চলিত বৰ্ষত জগন্নাথ ৰথ যাত্ৰাৰ আয়োজন নকৰিলে পৰৱৰ্তী 12 বছৰলৈ অনুষ্ঠিত কৰিব পৰা নাযাব ৰথ যাত্ৰা ৷ প্ৰয়োজন সাপেক্ষে ৰাজ্য চৰকাৰে এদিনৰ বাবে সান্ধ্য আইন জাৰি কৰিব পাৰিব বুলি উল্লেখ কৰে ৷

উল্লেখ্য় যে, 23 জুনত অনুষ্ঠিত হোৱাৰ কথা আছিল পুৰীৰ ঐতিহাসিক জগন্নাথ ৰথ যাত্ৰা ৷ জগন্নাথ ৰথ যাত্ৰাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ লক্ষাধিক ভক্তই অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: 24 জুনত ফ্ৰান্সত ভাৰত আৰু চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা

ABOUT THE AUTHOR

...view details