অসম

assam

ETV Bharat / bharat

জম্মু-কাশ্মীৰ প্ৰশাসনৰ বাবে ৰাজপত্ৰিত অধিসূচনা জাৰি কৰিলে কেন্দ্ৰই

জম্মু-কাশ্মীৰ প্ৰশাসনৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে ৰাজপত্ৰিত অধিসূচনা জাৰি কৰিলে কেন্দ্ৰীয় চৰকাৰে। জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত এতিয়াৰে পৰা ৩৯টা বিভাগ থাকিব বুলি সদৰি কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে।

জম্মু-কাশ্মীৰ প্ৰশাসনৰ বাবে ৰাজপত্ৰিত অধিসূচনা জাৰি কৰিলে কেন্দ্ৰই
জম্মু-কাশ্মীৰ প্ৰশাসনৰ বাবে ৰাজপত্ৰিত অধিসূচনা জাৰি কৰিলে কেন্দ্ৰই

By

Published : Aug 28, 2020, 6:43 PM IST

নেশ্যনেল ডেস্ক,২৮আগষ্ট: জম্মু-কাশ্মীৰৰ প্ৰশাসনৰ কাম-কাজ সুচাৰুৰূপে চলাই নিবলৈ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে ৰাজপত্ৰিত অধিসূচনা। বিশেষকৈ আৰক্ষী, সৰ্বভাৰতীয় সেৱা, আৰু দুৰ্নীতি নিবাৰক শাখাৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণ কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ ৰাজ্যপালৰ অধীনলৈ যাব। জম্মু-কাশ্মীৰ পুনৰ গঠন আইন ২০১৯ৰ অধীনত এই নতুন নীতিসমূহ জাৰি কৰিছে কেন্দ্ৰীয় গৃহ সচিব অজয় ভল্লাই। লগতে এইটোও স্পষ্ট কৰা হয় যে, উপ-ৰাজ্যপাল আৰু পৰিষদৰ মন্ত্ৰীৰ মাজত যিকোনো বিষয়ত মতভেদ হ'লে সেই বিষয়টোৰ ওপৰত ৰাষ্ট্ৰপতিয়ে বিবেচনা কৰাৰ বাবে কেন্দ্ৰক দায়িত্ব অৰ্পণ কৰা হ'ব আৰু কেন্দ্ৰৰ সিদ্ধান্ত চূড়ান্ত সিদ্ধান্ত ৰূপে গণ্য কৰা হ'ব।

নতুন অধিসূচনা অনুসৰি জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত ৩৯ টা বিভাগ থাকিব। কৃষি, স্কুলীয়া শিক্ষা, উচ্চ শিক্ষা, উদ্যান -শস্য, সাধাৰণ প্ৰশাসন, নিৰ্বাচন, গৃহ, খনন, শক্তি, পৰিবহণ আদিক সামৰি ল'ব বুলি সদৰি কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে।

উল্লেখ্য যে, সংবিধানৰ ৩৭০নং অনুচ্ছেদ অনুসৰি পূৰ্বে জম্মু-কাশ্মীৰক বিশেষ ক্ষমতা প্ৰদান কৰা হৈছিল যদিও ২০১৯ চনৰ ৫আগষ্টত ৩৭০নং অনুচ্ছেদ উঠাই লোৱা হয়। পৰৱৰ্তী সময়ত ৰাজ্যখনক জম্মু-কাশ্মীৰ আৰু লাদাখ কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰা হৈছিল।

সম্প্ৰতি জনস্বাৰ্থজনিত বিষয়, আৰক্ষী, সৰ্বভাৰতীয় সেৱা আৰু আৰু দুৰ্নীতি নিবাৰক শাখাৰ নিয়ন্ত্ৰণ উপ ৰাজ্যপালৰ হাতত থাকিব। নিৰ্বাচনৰ পিছত মুখ্যমন্ত্ৰীৰ পৰামৰ্শমৰ্মে উপ ৰাজ্যপালে মন্ত্ৰীসকলক বিভিন্ন বিভাগৰ দায়িত্ব অৰ্পণ কৰিব।

যিকোনো বিভাগৰ পৰা জাৰি কৰা কাৰ্যকৰী আদেশৰ বাবে পৰিষদ জগৰীয়া হ'ব, যদিহে তাত উপ ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিৰ নাম উল্লেখ থাকে অথবা জাৰি কৰা আদেশ কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনৰ লগত সম্পৰ্ক থাকে। প্ৰধানমন্ত্ৰী আৰু আন মন্ত্ৰী সমন্বিতে কেন্দ্ৰৰ পৰা লাভ কৰা কামৰ খতিয়ান অতি শীঘ্ৰে সচিবে প্ৰস্তুত কৰি মুখ্য সচিবক অৱগত কৰাব আৰু উপ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক জনাব। কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত উত্থাপন হোৱা যিকোনো সমস্যাৰ বিষয়ে মুখ্য সচিবে শীঘ্ৰে উপ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক অবগত কৰাব লাগিব। পৰিষদ আৰু উপ ৰাজ্যপালৰ মাজত মতানৈক্য হ'লে এই ক্ষেত্ৰত কেন্দ্ৰই সিদ্ধান্ত গ্ৰহণ কৰিব।

লগতে পঢ়ক:বাংগালোৰুত এৰ' ইণ্ডিয়াৰ অধিৱেশনৰ আয়োজন প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ

ABOUT THE AUTHOR

...view details