অসম

assam

By

Published : Feb 26, 2020, 5:13 PM IST

ETV Bharat / bharat

দিল্লীৰ প্ৰতিবাদঃ কি কয় জেষ্ঠ কংগ্ৰেছী শ্বলমান খুৰচিদে

শেহতীয়াকৈ দিল্লীৰ শ্বাহিনবাগত সংঘটিত হোৱা ঘটনাৰাজিক লৈ জেষ্ঠ কংগ্ৰেছ নেতা ছলমান খুৰচিদৰ সৈতে ইটিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰ ৷ বৰ্তমানৰ ঘটনাক কেন্দ্ৰীয় চৰকাৰে গুৰুত্বসহকাৰে ল'ব লাগে ৷ প্ৰতিবাদকাৰী সকলে সংঘটিত কৰা ঘটনা কোনো কাৰণতে সমৰ্থনযোগ্য নহয়- ছলমান খুৰচিদ ৷

দিল্লীৰ প্ৰতিবাদঃ কি কয় জেষ্ঠ কংগ্ৰেছী শ্বলমান খুৰচিদে
দিল্লীৰ প্ৰতিবাদঃ কি কয় জেষ্ঠ কংগ্ৰেছী শ্বলমান খুৰচিদে

1. 'কা' বা NRC বিৰোধী আৰু প্ৰতিবাদীসকলৰ মাজত দিল্লীৰ ৰাজপথত কাজিয়াৰ সূত্ৰপাত হৈছে ৷ পৰিস্থিতিৰ সন্দৰ্ভত আপুনি কি কয় ?

উত্তৰঃ এয়া এক দুখজনক ঘটনা ৷ চৰকাৰে এটা সিদ্ধান্ত লৈছে আৰু এজন আইনজীৱী হিচাপে মই ভাৱো যে ই কোনো কাৰণতে সমৰ্থনযোগ্য নহয় ৷ ইয়াৰ কোনো নায্যতা নাই ৷ গোটেই বিষয়টো ন্যায়ালয়ৰ বিচাৰাধীন আৰু ন্যায়ালয়ে এই বিষয়ে এটা সিদ্ধান্ত ল'ব লাগিব ৷ ন্যায়ালয়ে উচিত সময়ত বিষয়টো গুৰুত্ব সহকাৰে ল'লে এই পৰিস্থিতিৰ উদ্ভৱ নহ'লহেতেন ৷ চৰকাৰে দ্বায়িত্বহীনভাৱে কাম কৰি আছে ৷ মানুহৰ মাজত বিষয়টো লৈ যথেষ্ট বিবাদ আছে আৰু দ্বায়িত্বহীন চৰকাৰে সকলোৰে সহমত লৈ সিদ্ধান্ত ল'লেহেতেন কিন্তু এইখন চৰকাৰে সকলো বলেৰে সমাধান কৰিব বিচাৰে ৷ তেওঁলোকে সংসদতো অনুৰূপ কাম কৰিছে কাৰণ তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা আছে ৷ কিন্তু এয়া বৰ দুখৰ কথা যে গোটেই দেশত ইমান সন্দেহ থকাৰ পিছতো চৰকাৰে বিষয়টো সম্পূৰ্ণ অৱজ্ঞা কৰিছে ৷

জেষ্ঠ কংগ্ৰেছ নেতা ছলমান খুৰচিদৰ সৈতে ইটিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰ

2. কিন্তু কা প্ৰতিবাদকাৰীয়ে ৰাজপথ অৱৰোধ কৰি অসুবিধাৰ সৃষ্টি কৰিছে বুলি অভিযোগ উঠিছে ৷ এই সম্পৰ্কে আপুনি কি কয় ৷

উত্তৰঃ প্ৰতিবাদকাৰীয়ে পথ অৱৰোধ কৰি অসুবিধাৰ সৃষ্টি কৰাটো নোহোৱা নহয় ৷ কিন্তু যোৱা কিছুদিনত আমি দেখিবলৈ পাইছো যে এচাম লোকে তেওঁলোকে যে চৰকাৰৰ পক্ষত সেয়া পতিপন্ন কৰিবলৈ গৈ এটা অচলাৱস্থাৰ সৃষ্টি কৰিছে ৷ কোনোৱে চৰকাৰ সমৰ্থন কৰিব পাৰে কিন্তু সেয়া কৰিবলৈ গৈ অস্ত্ৰ প্ৰদৰ্শন কৰাটো আৰু জুই লগাই ৰাজহুৱা সম্পত্তি ধ্বংস কৰাটো কাহানিও সমৰ্থনযোগ্য হ'ব নোৱাৰে ৷

3.আপুনি এই ব্যাপক হিংসা প্ৰৰোচিত বুলি ভাৱে নেকি ?

উত্তৰঃ হ'ব পাৰে ৷ কা বিৰোধী প্ৰতিবাদকাৰীসমূহ স্বতঃস্ফূত৷ তাত কোনো নেতা বা ৰাজনৈতিক দল জড়িত নহয় ৷ মই এনেধৰণৰ তৃণমূল পৰ্যায়ৰ প্ৰতিবাদ আগতে দেখা নাই ৷ ছাত্ৰ ছাত্ৰীসকল তালৈ আহে আৰু তেওঁলোকৰ ক্লাছো হয়-মই আগত কেতিয়াও এনে দেখা নাই ৷

4.কংগ্ৰেছে কা বিৰোধ কৰিছে আৰু কিছু বিৰোধী দলৰ চৰকাৰে কাৰ বিৰুদ্ধে সিদ্ধান্তও লৈছে ৷ আপোনালোকৰ প্ৰকৃত স্থিতি কি ?

উত্তৰঃ কংগ্ৰেছ দলৰ কা বিৰোধী স্থিতি স্পষ্ট আৰু সুবিবেচনাশীল ৷ কংগ্ৰেছ দলে কা বিৰোধীসকলৰ বিৰুদ্ধে পুলিচৰ নিৰ্দয়তাৰ বিৰুদ্ধে যথেষ্ট সৰৱো হৈছে৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা বদ্ৰাই পুলিছ নিৰ্মমতাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কাষ চাপিছে ৷ আমি ৰাইজৰ লগত আছো আৰু থাকিম ৷ আমি আমাৰ সকলো গোটক এই আইনৰ বিৰুদ্ধে থিয় দিবলৈ আহ্বান জনাইছো ৷

5.আপুনি কা আৰু NRC সংখ্যালঘু সকলৰ বিৰুদ্ধে বিজেপিৰ পৰিকল্পনা বুলি ভাবে নেকি ?

উত্তৰঃ মই ভাবো যে এইখিনি সময়ত এয়াই জৰুৰী যে কাৰ বিৰুদ্ধে গোটেই দেশ প্ৰতিবাদমুখৰ হৈ পৰিছে ৷ দলিত শিখ, আৰু শিক্ষিত হিন্দু মধ্যবিত্ত সকলো ইযাৰ বিৰুদ্ধে ওলাই আহিছে ৷ সকলোৱে কাৰ বিৰুদ্ধে এক সহমত পোষণ কৰে আৰু মই ভাবো সেয়াই জৰুৰী ৷ চৰকাৰে কবলৈ ভাল পাব যে অকল মুছলমান সকল কাৰ বিৰুদ্ধাচৰণ কৰিছে কাৰণ তেঁওলোকে ইয়াক লৈ উদ্বিগ্ন ৷

6.গৃহমন্ত্ৰী অমিত শ্বাহে শ্বাহীনবাগত কা বিৰোধী প্ৰতিবাদ বা বিধান সভা নিৰ্বাচনত উত্থাপন কৰিব বিচাৰিছিল ? আপোনাৰ অনুভৱ ৷

উত্তৰঃ আমি মোদী আৰু শ্বাহৰ জালত ভৰি দিয়া উচিত নহয়৷ ই সংবিধানৰ স্বাৰ্থত কৰা এক আন্দোলনহে ৷

7. কংগ্ৰেছৰ নতৃত্বৰ অভাবত দেখা গৈছে এই বিষয়ত দল একগোট হবনে ?

উত্তৰঃ হয় দুটাকৈ কাৰ্যকাল চৰকাৰ চলোৱাৰ পিছত বিৰোধী হৈ থকাটো আমাৰ কাৰণে চিন্তাৰ কাৰণ ৷ কিন্তু আমি আকৌ ঘূৰি আহিম ৷ মই যথেষ্ট আত্মবিশ্বাসী আৰু ই অতি সোণকালে হ'ব ৷ দেশৰ অৱস্থা এনে য'ত কংগ্ৰেছক কোনেও কতো অকলশৰীয়া কৰি ৰাখিব নোৱাৰে ৷ আমি অতি সোণাকালে ঘূৰি আহিম ৷ নেতৃত্বৰ বিষয়ে ইয়াকে কম যে ছোনীয়া গান্ধী আমাৰ নেতৃ ৷ ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী আদি সকলো আমাৰ নেতা ৷ এয়া আমাৰ আভ্যন্তৰীণ বিষয় আৰু এই সম্পৰ্কে কেবল আমিয়েই সিদ্ধান্ত লম ৷

লগতে চাওকঃদেশৰক্ষাৰ হেতু ভাৰতীয় সৈন্যই সীমা পাৰ কৰিবলৈও কুণ্ঠাবোধ নকৰেঃ ৰাজনাথ সিং

ABOUT THE AUTHOR

...view details