নিউজ ডেস্ক, 8 জুনঃ COVID-১৯ মহামাৰীত এতিয়া জৰ্জৰিত বিশ্বৰ লগতে ভাৰতবৰ্ষ । ইটালীক চেৰ পেলাই আক্ৰান্তৰ সংখ্যাৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতেই পঞ্চম স্থানত ভাৰত । কিন্তু বৰ্তমান পৰ্যন্ত আৱিষ্কাৰ হোৱা নাই COVID-১৯ ৰ কোনো প্ৰতিষেধক । ইয়াৰ মাজতেই ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ সিদ্ধান্ত । ক'ভিড ৰোগীৰ চিকিৎসাৰ বাবে অনুকম্পা ব্যৱহাৰৰ (compassionate use) বাবে অস্বীকৃতিপ্ৰাপ্ত ঔষধৰ আমদানীৰ এক নতুন নিৰ্দেশাৱলী জাৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ । 2019 নিউ ড্ৰাগছ এণ্ড ক্লিনিকেল ট্ৰায়েলছ নীতিৰ অধীনত জাৰি কৰা হৈছে এই নতুন নিৰ্দেশাৱলী ।
বিশ্ব স্বাস্থ্য় সংস্থাইও ইয়াৰ পূৰ্বে ঔষধৰ অনুকম্পা ব্যৱহাৰ এনে এটা ৰোগৰ বাবে যাৰ বৰ্তমানলৈকে কোনো সন্তোষজনক প্ৰতিষেধক নাই তেনে ক্ষেত্ৰত আৰোগ্য লাভৰ বাবে জীৱনদায়িনী প্ৰয়োগিক হ'ব পাৰে বুলি উল্লেখ কৰিছিল । লগতে বহু ৰোগীৰ বাবে এই কাৰ্যক্ৰম অন্তিম আশা হিচাপে পৰিগণিত হ'ব পাৰে বুলিও কৈছিল । এই নিয়ম 96A ৰ পৰা 96I লৈ ধাৰা 96 অধীনত অন্তৰ্ভুক্ত কৰা হৈছে । যিটো আবেদন দাখিল কৰা, আমদানী আৰু নিৰ্মাতাক লাইচেঞ্চ প্ৰদান, চৰ্ত আৰু অনুকম্পা ব্যৱহাৰৰ বাবে লাইচেঞ্চ অবিহনে নতুন ঔষধৰ নিৰ্মাণ, আমাদানী কৰিবলৈ দিয়া লাইচেঞ্চ বাতিল আদি বিষয়ক সামৰি লৈছে ।