দিল্লী, 24 জুনঃ সোমবাৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৷ মেঘালয়ত থকা কেইবাটাও পথ উন্নত কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে বৈঠকত মিলিত হয় মেঘালয়ৰ মন্ত্ৰীগৰাকী ৷ বৈঠকত মেঘালয়ত থকা সকলো ৰাষ্ট্ৰীয় ঘাইপথৰ বিষয়ে সবিশেষ তথ্যৰ সৈতে এক ৰিপ'ৰ্ট দাখিল কৰা হয় ৷ ইটিভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত এই কথা সদৰী কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
গাডকাৰীক সাক্ষাৎ কনৰাড চাংমাৰ - etv bharat
ইটিভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত এই কথা সদৰী কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে
গাডকাৰীক সাক্ষাৎ কনৰাড চাংমাৰ
আনহাতে, ধুবুৰী আৰু মেঘালয়ৰ ফুলবাৰীক সংযোগ কৰাৰ বাবে ব্ৰহ্মপুত্ৰৰ ওপৰত চাৰিলেনযুক্ত দলং নিৰ্মাণ কৰাৰ বাবেও গাডকাৰীক অনুৰোধ জনায় চাংমাই ৷