অসম

assam

ETV Bharat / bharat

অযোধ্যা ৰামমন্দিৰ ভূমি বিবাদ : কেন্দ্ৰৰ হাই এলাৰ্ট জাৰী ! - অযোধ্যা ৰামমন্দিৰ ভূমি বিবাদ ৰ ৰায়দানৰ পূৰ্বে 40 টাকৈ সুৰক্ষা কৰ্মীৰ দলক উত্তৰ প্ৰদেশলৈ প্ৰেৰণ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে

অযোধ্যা ৰামমন্দিৰ ভূমি বিবাদৰ ৰায়দানৰ পূৰ্বে প্ৰত্যেকখন ৰাজ্যক সতৰ্ক থকাৰ আহ্বান কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ ৷ 40 টাকৈ সুৰক্ষা কৰ্মীৰ দলক উত্তৰ প্ৰদেশলৈ প্ৰেৰণ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে ৷ 17 নৱেম্বৰত উচ্চতম ন্যায়ালয়ে অযোধ্যা ৰাম-মন্দিৰৰ ৰায়দানৰ সম্ভাৱনা ব্যক্ত কৰিছে একাংশই ৷

অযোধ্যা ৰামমন্দিৰ ভূমি বিবাদ

By

Published : Nov 7, 2019, 6:49 PM IST

নিউজ ডেস্ক, 5 নৱেম্বৰঃঅযোধ্যা ৰাম মন্দিৰ ভূমি বিবাদৰ ৰায়দানৰ সময় সমাগত ৷ যিকোনো মূহৰ্তত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব পাৰে ৰায়দান ৷ ইয়াৰে মাজেত বৃহস্পতিবাৰে দেশৰ প্ৰত্যেকখন ৰাজ্যক সতৰ্কতা অবলম্বন কৰাৰ আহ্বান জনায় কেন্দ্ৰীয় চৰকাৰে ৷ ৰায়দানৰ পূৰ্বে অথবা ৰায়দানৰ পাচত যাতে কোনো ধৰণৰ কূটাঘাতমূলক ঘটনা সংঘটিত নহয় তাৰবাবে ইতিমধ্যে উত্তৰ-প্ৰদেশত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ 40 টাকৈ সুৰক্ষা কৰ্মীৰ দলক উত্তৰ প্ৰদেশলৈ প্ৰেৰণ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে ৷ বিশেষকৈ অযোধ্যাত মোতায়ন কৰা হৈছে বৃহৎ সংখ্যাক সুৰক্ষা কৰ্মী ৷ উত্তৰ-প্ৰদেশৰ লগতে দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত পৰ্যাপ্ত পৰিমাণৰ সুৰক্ষাকৰ্মী নিয়োজিত কৰাৰ নিৰ্দেশনা জাৰী কৰিছে কেন্দ্ৰীয় গৃহবিভাগে ৷

লগতে পঢ়কঃ 5 ট্ৰিলিয়নৰ অৰ্থনীতিঃ ৰাজ্য আৰু জিলাৰ সহায় বিচাৰিলে মোদীয়ে

ইপিনে, প্ৰধানমন্ত্ৰী মোদীয়েও অযোধ্যা মন্দিৰ ভূমি বিবাদৰ দৰে স্পৰ্শকাতৰ বিষয়ত মন্ত্ৰীসকলক বিতৰ্কিত মন্তব্যৰ পৰা বিৰত থাকিবলৈ কঠোৰ নিৰ্দেশনা প্ৰদান কৰে ৷ বুধবাৰে অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীপৰিষদৰ বৈঠকৰ অন্তত দেশৰ বৈচিত্ৰতা আৰু সাংস্কৃতিক সমন্বয় ৰক্ষা কৰাৰ স্বাৰ্থত অপ্ৰীতিকৰ মন্তব্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

অহা 17 নৱেম্বৰত উচ্চতম ন্যায়ালয়ে অযোধ্যা ৰাম-মন্দিৰৰ ৰায়দানৰ সম্ভাৱনা ব্যক্ত কৰিছে একাংশই ৷ কাৰণ 17 নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈয়ে ৷

ABOUT THE AUTHOR

...view details