অসম

assam

ETV Bharat / bharat

কেন্দ্ৰই প্ৰতিবাদী কৃষকৰ ভাষা বুজি নাপায় : প্ৰিয়ংকা গান্ধী

দিল্লী সীমান্তৰ কৃষক আন্দোলj প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বহীনতা সন্দৰ্ভত টুইটাৰযোগে ক্ষোভ প্ৰকাশ কৰিলে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ৷ তেওঁ কয়, আন্দোলনত অংশগ্ৰহণ কৰা ৫৭ জন কৃষকৰ মৃত্যু হৈছে যদিও কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই ৷

Centre acting 'insensitively' by not listening to farmers' legitimate demands
কেন্দ্ৰই প্ৰতিবাদী কৃষকৰ ভাষা বুজি নাপায়

By

Published : Jan 2, 2021, 10:57 PM IST

নিউজ ডেস্ক, 2 জানুৱাৰী: কেন্দ্ৰীয় চৰকাৰে কৃষক আন্দোলনৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷ প্ৰতিবাদী কৃষকৰ ভাষা বুজি নাপায় কেন্দ্ৰীয় চৰকাৰে ৷ টুইটাৰযোগে এনেকৈ ক্ষোভ প্ৰকাশ কৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ৷

তেওঁ কয়, দিল্লীৰ সীমান্তৰ পৰা কৃষক আন্দোলনত অংশগ্ৰহণ কৰা কৃযকৰ মৃত্যুৰ বাতৰি প্ৰত্যেক দিনেই প্ৰকাশ পাই আছে ৷ বৰ্তমানলৈকে ৫৭ জন কৃষকৰ মৃত্যু হোৱাৰ লগতে এতিয়া শ শ কৃষক শাৰীৰিকভাৱে অসুস্থ হোৱা খবৰ প্ৰকাশ প্ৰকাশিত হৈ আছে ৷ তথাপিও কেন্দ্ৰৰ গা ল'ৰা নাই বুলি মন্তব্য প্ৰকাশ কৰে প্ৰিয়ংকা গান্ধীয়ে ৷

লগতে পঢ়ক:অৰুণাচলৰ পূৰ্বৱৰ্তী অঞ্চল পৰিদৰ্শন চিডিএছ জেন. ৰাৱাটৰ

ABOUT THE AUTHOR

...view details