অসম

assam

ETV Bharat / bharat

সীমান্ত ছীল কৰাৰ বাবে গৃহ মন্ত্ৰণালয়ৰ অভিলাষী প্ৰকল্প

অত্যাধুনিক আঁচনিৰ জৰিয়তে ছীল কৰা হ'ব ভাৰত-পাক আৰু ভাৰত-বাংলা সীমান্ত ।

সীমান্ত ছীল কৰাৰ বাবে গৃহ মন্ত্ৰনালয়ৰ অভিলাষী প্ৰকল্প

By

Published : Jul 12, 2019, 4:50 PM IST

নেশ্বনেল ডেস্ক,১২ জুলাই : অবৈধ অনুপ্ৰৱেশকাৰীক বাধা দিয়াৰ প্ৰচেষ্টাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এক অত্যাধুনিক আঁচনি হাতত লৈছে। গৃহ মন্ত্ৰণালয়ৰ এক সূত্ৰই ইটিভি ভাৰতক জানিবলৈ দিয়া অনুসৰি,দুটাকৈ বৃহৎ প্ৰকল্পৰ জৰিয়তে পূৰ্বৰ কাঁইটীয়া তাঁৰৰ সলনি 'মামৰেও ধৰিব নোৱাৰা' আৰু 'কাটিবও নোৱাৰা' নতুন ডিজাইনৰ কাঁইটীয়া তাঁৰ তৈয়াৰ কৰা হ'ব।

গৃহ বিভাগৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে লোকসভাত শেহতীয়াকৈ জানিবলৈ দিয়ে যে, অসমৰ তিনি কিলোমিটাৰ সীমান্তত বৰ্তমানলৈকে এই আধুনিক ফেন্সিঙৰ কাম সম্পূৰ্ণ হৈ উঠিছে। ইয়াৰোপৰি,পঞ্জাৱৰ ৭.১৮ কিলোমিটাৰ সীমান্ততো এই আঁচনিৰ অনুমোদন জনোৱা হৈছে আৰু শীঘ্ৰেই ইয়াৰ কাম আৰম্ভ হ'ব ।

তেওঁ জানিবলৈ দিয়া অনুসৰি, চিআইবিএমএছ (CIBMS)ৰ জৰিয়তে ভাৰত-পাক সীমান্ত (IPB) আৰু ভাৰত-বাংলাদেশ সীমান্তৰ (IBB) জটিল ভূ - খণ্ড সমূহত এই আঁচনিৰ প্ৰসাৰণ ঘটোৱা হ'ব। দুটাকৈ এনে আঁচনিৰ জৰিয়তে ভাৰত-পাক সীমান্তত ১০ কি. মি. আৰু ভাৰত-বাংলাদেশ সীমান্তত ৬১ কি.মি.অৰ্থাৎ সৰ্বমুঠ ৭১ কিলোমিটাৰত কাম সম্পূৰ্ণ হৈ উঠিছে বুলিও মন্তব্য কৰে ৰায়ে।

চৰকাৰী তথ্য অনুসৰি,এই বৰ্ষৰ মে' মাহত অসমৰ বিভিন্ন স্থানৰ পৰা ১,১৩৩ বিদেশী অনুপ্ৰৱেশকাৰীক ছটাকৈ ডিটেনশ্বন কেম্পত ৰখা হৈছে।

ABOUT THE AUTHOR

...view details