নিউজ ডেস্ক, 20 ডিচেম্বৰ : আগন্তক কেন্দ্ৰীয় বাজেটৰ বাবে সমগ্ৰ দেশৰ জনতাৰ পৰামৰ্শ গ্ৰহণ কৰিব কেন্দ্ৰীয় চৰকাৰে ৷ ইন্দোৰ ইনষ্টিটিউট অব কোম্পানী চেক্ৰেটেৰিয়েট অব ইণ্ডিয়াৰ 48 তম সন্মিলনত অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰকাশ কৰে বিত্ত আৰু কৰ্প'ৰেট পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে ৷
তেওঁ কয়, 'আত্মনিৰ্ভৰ ভাৰতৰ বাবে আৰু ভাৰতবৰ্ষক 5 টিলিয়ন ডলাৰ অৰ্থনীতি হিচাপে গঢ়ি তুলিবলৈ ইন্দোৰ আৰু মধ্য প্ৰদেশৰ ব্যৱসায়ী সকল আগবাঢ়ি আহিছে ৷ মই ইয়াত চৰকাৰী বিষয়া সকলৰ লগতে ব্যৱসায়ী সকলক লগ ধৰি তেওঁ লোকৰ অভিযোগ অনুভৱ কৰিছো ৷'