অসম

assam

ETV Bharat / bharat

কৰ'ণা প্ৰতিৰোধী ঔষধৰ কাৰ্যকৰীতাৰ বাবে হ'ব পৰীক্ষণ - বিজ্ঞানী মহল

কোভিড-১৯ ৰ প্ৰতিৰোধৰ বাবে প্ৰস্তুত কৰা ঔষধে মানৱ শৰীৰত কাম কৰিছে নে নাই সেই সম্পৰ্কে জানিবলৈ এখন শ্বি'প গঠন কৰা হৈছে । কেমব্ৰিজ বিশ্ববিদ্যালয়, কোৰনেল বিশ্ববিদ্যালয় আৰু ষ্টেনফোৰ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানী সকলে গঠন কৰিছে এই ইলেকট্ৰনিক শ্বি'প ।

cell-membrane-on-a-chip-may-speed-up-screening-of-covid-19-drugs
cell-membrane-on-a-chip-may-speed-up-screening-of-covid-19-drugs

By

Published : Jul 8, 2020, 12:33 AM IST

নিউজ ডেস্ক, ৭ জুলাই : কোভিড-১৯ ৰ প্ৰতিৰোধৰ বাবে প্ৰস্তুত কৰা ঔষধে মানৱ শৰীৰত কাম কৰিছে নে নাই সেই সম্পৰ্কে জানিবলৈ এখন শ্বি'প গঠন কৰা হৈছে । কেমব্ৰিজ বিশ্ববিদ্যালয়, কোৰনেল বিশ্ববিদ্যালয় আৰু ষ্টেনফোৰ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানী সকলে গঠন কৰিছে এই ইলেকট্ৰনিক শ্বি'প । এই শ্বি'পত এক ইলেকট্ৰনিক মাধ্যমৰ জৰিয়তে কি ঔষধে শৰীৰত কেনে ধৰণৰ কাম কৰিছে সেয়া জানিব পৰা যাব । উক্ত অধ্যয়ন সম্বন্ধে Langmuir আৰু ACS Nano নামৰ আলোচনীখনত প্ৰকাশ কৰা হৈছে বিতং তথ্য ।

এই ইলেকট্ৰনিক শ্বি'পৰ জৰিয়তে ঔষধে কেনেকুৱাকৈ কাম কৰিছে, ৰোগী গৰাকীয়ে আৰোগ্য লাভ কৰিছে নে নাই সেই সম্পৰ্কে গম পোৱা যাব । লগতে বিজ্ঞানী সকলে জনোৱা অনুসৰি, ইয়াৰ ব্যৱহাৰে নতুন ঔষধ প্ৰস্তুত কৰাত সহায় হ'ব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : কাৰ্বি আংলঙত গণ সংক্ৰমনৰ সন্দেহত শংকিত প্ৰশাসন

ABOUT THE AUTHOR

...view details